গুৱাহাটী : অন্তৱর্র্তীকালীন জামিন পালে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, কৃষক নেতা অখিল গগৈয়ে৷ জামিন পালে মনজিৎ মহন্তয়ো৷ লতাশিল থানাই উক্ত তিনিওজন ব্যক্তিৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰজু কৰিছিল৷
কিন্তু গুৱাহাটী উচচ ন্যায়ালয়ে আজি ড০ হীৰেন গোহাঁই, অখিল গগৈলৈ অন্তৱর্র্তীকালীন জামিন মঞ্জুৰ কৰাৰ লগতে মনজিৎ মহন্তলৈ পূর্ণাংগ জামিন মঞ্জুৰ কৰে৷ উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণৰ বিৰোধিতা কৰি গুৱাহাটীত কৰা আন্দোলনত বিতর্কিত মন্তব্য কৰাৰ অভিযোগত আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰজু কৰিছিল৷ ৰাষ্ট্রদ্রোহৰ গোচৰ জাপি দিছিল আৰক্ষীয়ে৷
ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ নির্দেশত আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰৰ পাছতেই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া হৈছিল৷ তাৰ মাজতেই গুৱাহাটী উচচ ন্যায়ালয়ে আজি তিনিওজনলৈ জামিন মঞ্জুৰ কৰে৷ অৱশ্যে অন্তৱর্র্তীকালীন জামিনৰ পৰৱর্তী শুনানি আৰু ৰায় পুনৰ ২২ জানুৱাৰীত হ’ব৷