গুৱাহাটী : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত এইবাৰ হেঙাৰ হৈ থিয় দিছে বিজেপিৰ মিত্রদল বি পি এফ৷ উক্ত জনগোষ্ঠীকেইটাৰ জনজাতিকৰণে বড়োসকলৰ চৰকাৰী সা-সুবিধাৰ ক্ষেত্রত বাধা হ’ব পাৰে বুলি শংকিত বি পি এফে বিজেপিৰ ওপৰত চাপ সৃষ্টি কৰিছে৷ বর্তমান ইয়াকে লৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপৰি বি টি চি প্রধান হাগ্রামা মহিলাৰী আৰু মন্ত্রী চন্দন ব্রহ্ময়ো দিল্লীত বাহৰ পাতিছে৷ কেন্দ্রীয় গৃহমন্ত্রীক সাক্ষাৎ কৰিব হাগ্রামা মহিলাৰীয়ে৷
জানিব পৰা মতে, জনজাতিকৰণৰ প্রসংগক লৈ বি পি এফে বিজেপিৰ ওচৰত আপত্তি দর্শাইছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পূর্বে বিষয়টো বিতংকৈ অৱগত হ’ব বিচাৰিছে বি পি এফ নেতৃত্ব৷ আনকি বি পি এফক আন্ধাৰত ৰাখি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে মিত্রতা ভংগৰ মৃদু ভাবুকি দিয়া বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে আহোম, চুতীয়া, মৰাণ, মটক, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে সংসদত কেন্দ্রীয় চৰকাৰে বিধেয়ক উত্থাপনৰ পাছতেই িব পি এফৰ মুৰববী হাগ্রামা মহিলাৰীয়ে বিজেপিৰ ওচৰত অসন্তুষ্টি ব্যক্ত কৰিছিল৷
বৃহস্পতিবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু হাগ্রামাৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল যদিও মুখ্যমন্ত্রীয়ে হাগ্রামা মহিলাৰীক সৈমান কৰিব নোৱাৰিলে৷ তাৰ পাছতেই হাগ্রামা মহিলাৰীয়ে দিল্লীলৈ উৰা মৰাটোৱে ৰাজ্যৰ ৰাজনীতিত তাৎপর্য বহন কৰিছে৷