ডি ভোটাৰৰ সমাধান বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব এপিআইচিআৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 13, 2019

ডি ভোটাৰৰ সমাধান বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব এপিআইচিআৰ

এ.পি.আই.চি.আৰ'ৰ উদ্যোগত ডি ভোটাৰ সমস্যা সমাধান সম্পৰ্কে সাধাৰণ সভা : কাকপথাৰ ঘটনাৰ তদন্তৰ দাবী


নজৰুল আলী আহমেদ, গোৱৰ্ধনা :
উত্তৰ বৰপেটাৰোড হেল্প লাইন একাডেমি প্ৰাঙ্গনত এচ’চিয়েচন ফৰ প্ৰটেকশন অৱ ইণ্ডিয়ান ছিটিজেনশ্বিপ ৰাইটচ চমুকৈ এপিচিআৰ'ৰ উদ্যোগত অধ্যাপক তাইজুদ্দিন আহমেদৰ সভাপতিত্বত দেওবাৰে দিনৰ ১১ বজাৰ পৰা এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত ডি ভোটাৰৰ সমস্যা সম্পৰ্কে বিস্তাৰিত আলোচনা কৰা হয়। ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ বাবে তিনিতৰপীয়া আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সংগঠনটোৰ নৱ নিযুক্ত মুখ্য আহ্বায়ক সাজাহান আলী আহমেদে জানিবলৈ দিয়ে। 
সংগঠনটোৱে ন্যায়িক যুঁজ¸ গণ আন্দোলন আৰু বৌদ্ধিক আন্দোলনৰ অংশ হিচাপে ফেব্ৰুৱাৰী মাহৰ পৰা ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ প্ৰস্তাৱ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে ডি ভোটাৰ সমস্যা সমাধানৰ বাবে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সমান্তৰালকৈ বৰপেটা, বিজনী¸ জনিয়া¸ বাঘবৰ, সৰভোগ, আদিত ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত নাগৰিক সভা, বাক্সা জিলাৰ শালবাৰীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাখনৰ জৰিয়তে সংগঠনটোৰ ৰাজ্যিক পূৰ্ণাঙ্গ কমিটি গঠন কৰাৰ বাবে সাজাহান আলী আহমেদক মুখ্য আহ্বায়ক¸ নজৰুল আলী আহমেদ আৰু সাহাদত হুছেইনক প্ৰচাৰ সচিব হিচাপে দায়িত্ব অৰ্পন কৰে। একেদৰে সমষ্টি কমিটি গঠনৰ বাবে শালবাৰীত স্বাইজুদ্দিন খন্দকাৰ¸ জনীয়াত মাজিদুল ইছলাম¸ ফৰহাদ আলী আহমেদ¸ জাহিদুল ইছলাম¸ জাহিদুল বেগ¸ বাঘবৰত মোস্তাফিজুৰ ৰহমান¸ বিজনীত বক্কৰ আলী¸ মনিৰুল ৰহমান¸ বৰপেটাত অধিবক্তা নাজিম মোল্লাক আহ্বায়কৰ দায়িত্ব অৰ্পন কৰা হয়। সমগ্ৰ অসমতে পৰ্যায়ক্ৰমে সংগঠন বিস্তাৰ কৰি আন্দোলন অব্যাহত ৰখা হ’ব বুলি জানিবলৈ দিয়াৰ লগতে বিভিন্ন অঞ্চলৰ ভূক্তভোগীৰ সহযোগিতা কামনা কৰিছে সংগঠনটোৱে। 
ইফালে কাকপথাৰত ১৮ গৰাকী শিশু¸ ১৩ গৰাকী মহিলা সহ মুঠ ৩৬ গৰাকী শ্ৰমজীৱী লোকক বাংলাদেশীৰ নামত অমানৱীয় অত্যাচাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে এপিআইচিআৰে। এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি মৰেল পুলিচ ৰূপী তথাকথিত সচেতন ৰাইজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠনটোৱে।

SPONSORED