জাতিধ্বংসী নাগৰিকত্ব সংশােধনী বিধেয়ক-২০১৬ কার্যকৰী কৰিবলৈ নৰেন্দ্ৰ মােডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে উঠিপৰি লগাৰ সময়তে ইয়াৰ সমান্তৰালকৈ তৈলক্ষেত্র ব্যক্তিগতকৰণৰ প্রক্রিয়াও অব্যাহত ৰাখিছে। তৈলক্ষেত্র ব্যক্তিগতকৰণৰ বিৰুদ্ধে জাতি-জনগােষ্ঠীয় দল-সংগঠন আৰু শ্রমিক ইউনিয়নৰ তীব্র প্রতিবাদৰ ফলত অইলৰ অতি লাভজনক জোৰাজান আৰু টেঙাখাত তৈলক্ষেত্র ব্যক্তিগত খণ্ডক গতাব বিচৰাৰ সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰখা বুলি ঘােষণা কৰিছিল যদিও বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে শেহতীয়াকৈ অসমৰ অন্য ছখন তৈলক্ষেত্র। ব্যক্তিগত খণ্ডক গতাবলৈ প্ৰস্তুতি প্রায় সম্পূর্ণ কৰিছে বুলি জানিব পৰা গৈছে। প্রাপ্ত তথ্যমতে নতুনকৈ আৱিষ্কৃত সৰু তৈলক্ষেত্ৰ চমুকৈ ডি এছ এফৰ ভিতৰত অসমৰ ৬খন আৰু দেশৰ বিভিন্ন স্থানৰ মুঠ ২৫খন তৈলক্ষেত্র ব্যক্তিগত খণ্ডক গতােৱাৰ পৰিকল্পনাৰে নৰেন্দ্ৰ মােডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ পেট্রলিয়াম। আৰু প্রাকৃতিক গেছ মালয়ৰ অধীনস্থ ডাইৰেক্টৰ জেনেৰেল অ হাইড্ৰ'কার্বনছে। আহ্বান জনােৱা দ্বিতীয় ৰাউণ্ডৰ মূল্যবেদন পত্র (বিড) প্রক্রিয়া ইতিমধ্যে সমাপ্ত হৈছে। ২৫খন ৰাজহুৱা খণ্ডৰ আৰু ব্যক্তিগত খণ্ডৰ মুঠ ৩৫টা প্রতিষ্ঠানে মূল্যবেদন। পত্র প্রদান কৰিছে। ইফালে অসমৰ ৬খন তৈলক্ষেত্রৰ বাবে অইল ইণ্ডিয়া লিমিটেড, অ’ এন জি চিকে ধৰি ৰাজহুৱা খণ্ডৰ আৰু ব্যক্তিগত খণ্ডৰ ১৬টা প্রতিষ্ঠানে অংশগ্রহণ কৰিছে বুলি জানিব পৰা গৈছে। এক নিৰ্ভৰযােগ্য সূত্রই আজি জানিবলৈ দিয়ামতে ৰাজস্থান, অন্ধ্রপ্রদেশ, কেজি অফঞ্চ, গুজৰাট আৰু অসমৰ তৈলক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডে মুঠ ৯খন, অ’ এন জি চিয়ে ১০খন আৰু অনিল আগৰৱালাৰ বেদান্ত লিমিটেড নামৰ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানটোৱে ২১খন তৈলক্ষেত্ৰৰ বাবে নিবিদা প্রক্রিয়াত অংশগ্রহণ কৰিছে। ইফালে অসমৰ দুখন। তৈলক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডে অংশগ্রহণ কৰাৰ পৰা বিৰত থকাৰ বিপৰীতে। বেদান্ত লিমিটেড নামৰ ব্যক্তিগত প্রতিষ্ঠানটোৱে অসমৰ আটাইকেইখন তৈলক্ষেত্ৰৰ। | নিবিদাতেই অংশগ্রহণ কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে। আনহাতে আজি অইলৰ এক সুত্রই জানিবলৈ দিয়ামতে এই নিবিদা প্রক্রিয়াত অইল ইণ্ডিয়া লিমিটেডে। অসমৰ তিনিখন তৈলক্ষেত্ৰত নিজাব্বীয়াকৈ অংশ লােৱাৰ বিপৰীতে এখন তৈলক্ষেত্র গেইল ইণ্ডিয়া লিমিটেড (২০ শতাংশ) আৰু ভাৰত পেটুৰিছর্চ লিমিটেড (২০ শতাংশ) অংশীদাৰিত্বৰে অংশগ্ৰহণ কৰিছে। এই নিবিদা প্রক্রিয়াত বেদান্ত লিমিটেডে। অধিক তৈলক্ষেত্র লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি সৰৱ চর্চা হৈছে।
Responsive Ads Here
Thursday, February 07, 2019

পুনৰ ছখন তৈলক্ষেত্র ব্যক্তিগত খণ্ডক গতােৱাৰ নিবিদা প্রক্রিয়া সম্পূর্ণ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)