মোডীৰ ভ্ৰমণ কালত গাঁৱে গাঁৱে আছুৱে উৰুৱাব ক'লা পতাকা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 8, 2019

মোডীৰ ভ্ৰমণ কালত গাঁৱে গাঁৱে আছুৱে উৰুৱাব ক'লা পতাকা


গুৱাহাটী : দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাসহ ৩০টাকৈ জনগোষ্ঠীয় সংগঠনে আজি আৰু কাইলৈ ৰূপায়ণ কৰিব প্ৰতিবাদী কাৰ্যসূচী। সেই অনুযায়ী প্ৰধান মন্ত্ৰীগৰাকী আজি অসমত পদাৰ্পণ কৰাৰ লগে লগেই সদৌ অসম ছাত্ৰ সন্থাসহ ৩০ জনগোষ্ঠীয় সংগঠনে সমগ্ৰ ৰাজ্যজুৰি দাহ কৰিব কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি।

ইয়াৰ উপৰি কাইলৈ অৰ্থাৎ শনিবাৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে চাংসাৰিৰ এইম্‌ছৰ ভূমি পূজনত অংশগ্ৰহণ কৰি থকাৰ সময়তে সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলা, মহকুমাৰ সদৰ, গাঁৱে-ভূঁয়ে সকলোতে প্ৰধান মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰিব। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যজুৰি শনিবাৰে আছুসহ ৩০টাকৈ জাতীয় সংগঠনে ক'লা পতাকা উৰুৱাই বিক্ষোভ কাৰ্যসূচী পালন কৰিব। এই কথা জানিবলৈ দিছে আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংক নাথ আৰু মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

SPONSORED