অসমীয়াৰ আৱেগ-অনুভূতিক তুচ্ছ জ্ঞান মোদীৰ : যুযুধান স্থিতি আছুৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, February 11, 2019

অসমীয়াৰ আৱেগ-অনুভূতিক তুচ্ছ জ্ঞান মোদীৰ : যুযুধান স্থিতি আছুৰ


নতুন দিল্লী : চলিত সপ্তাহতে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ দিহা থকা জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্য সভাত গৃহীত হোৱাৰ শংকা কৰি পুনৰ দিল্লীত উপস্থিত হৈছেহি সদৌ অসম ছাত্র সন্থা, উত্তৰ-পূব ছাত্র সন্থা (নেছ’) আৰু অগপৰ প্রতিনিধি দল৷

সুকীয়া সুকীয়াকৈ আহি দিল্লীত উপস্থিত হোৱা দল-সংগঠনসমূহৰ নেতৃত্বই পুনৰ বিধেয়কখনৰ বিৰোধিতাত বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব৷ সাংবাদিকৰ আগত ছাত্র সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই প্রকাশ কৰা মতে, অনাগত দুই-তিনি দিন অসম তথা উত্তৰ-পূর্বাঞ্চলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ দিন৷ এই সময়ছোৱাতে কেন্দ্রীয় চৰকাৰে জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা চলাব পাৰে৷

সেয়েহে এনে পৰিস্থিতিত ছাত্র সন্থা আৰু আছুৱে বিৰোধী দলসমূহক বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে পুনৰ আহ্বান জনাব৷ বিৰোধী দলসমূহে বিধেয়কখন বিৰোধিতা কৰিলেই নহ’ব, ৰাজ্য সভাত উপস্থিত থাকি বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰিলেহে উত্তৰ-পূর্বাঞ্চল ৰক্ষা পৰিব বুলিও মত ব্যক্ত কৰে ভট্টাচার্যই৷ প্রণিধানযোগ্য যে, অসমলৈ আহি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ ৰাইজৰ আৱেগ-অনুভূতিক তুচ্ছ জ্ঞান কৰি বিধেয়কখন গৃহীত কৰা হ’বই বুলি মত ব্যক্ত কৰিছিল৷

বিধেয়কখন গৃহীত কৰাৰ বাবে প্রধানমন্ত্রীজনে এনেদৰে মত প্রকাশ কৰাৰ পাছতেই এতিয়া দিল্লীত তৎপৰ হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ৷ ইতিমধ্যে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত আঞ্চলিক দলটোৰ এটা প্রতিনিধি দল  দিল্লীত উপস্থিত হৈছেহি৷

একেদৰে কৃষক মুক্তি সংগ্রাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নেতৃত্বত অহা ৰাজ্যৰ ৭০টা সংগঠনৰ প্রতিনিধিৰ উপৰি সদৌ অসম ছাত্র সন্থা আৰু উত্তৰ-পূব ছাত্র সন্থাৰ এটা প্রতিনিধিৰ দলেও কংগ্রেছৰ সভাপতি ৰাহুল গান্ধীকে ধৰি সমাজবাদী পার্টি, আম আদমি পার্টি, জনতা দল ইউনাইটেডকে ধৰি বাওঁপন্থী দলসমূহৰ নেতাসকলক দেখা কৰি বিধেয়কখনে যে অসমীয়া জাতিক নিঃশেষ কৰিব সেই কথা বুজাইছিল৷ ইতিমধ্যে বিৰোধী দলসমূহে বিধেয়কখনৰ বিৰোধিতাত ৰাজ্য সভাত থিয় দিব বুলি প্রকাশ কৰিছে৷ কিন্তু ইয়াৰ পাছতো বিধেয়কখন গৃহীত কৰাৰ বাবে উঠিপৰি লাগিছে কেন্দ্রৰ বিজেপি চৰকাৰখন৷

আনহাতে বিধেয়কখন বাতিল নকৰিলে ৰাজ্যৰ পৰিৱেশ-পৰিস্থিতি অত্যন্ত ভয়াৱহ হ’ব বুলি আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কেন্দ্রীয় চৰকাৰক সকীয়াই দিয়ে৷ ৰাজ্য সভাৰ অধিৱেশনৰ শেষৰ তিনিদিন কেৱল ভোটবেংকক সুৰক্ষিত কৰিবলৈ অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ অসম চুক্তি উলংঘা কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপিৰ কেন্দ্রীয় চৰকাৰে অসম চৰকাৰৰ সমর্থনত অসম তথা উত্তৰ-পূর্বাঞ্চলৰ জনসাধাৰণৰ ওপৰত জাপি দিয়া নাগৰিকত্ব সংশোধনী বিল ২০১৬ লোক সভাত একনায়কত্ববাদী দৃষ্টিভংগীৰে পাৰ কৰি দিয়াৰ পাছত এতিয়া ৰাজ্য সভাত পাছ কৰাৰ যো-জা চলিছে৷ 

ৰাজ্য সভাত যাতে এই বিল পাছ নহয় তাৰ বাবে সকলো বিৰোধী ৰাজনৈতিক দল, কংগ্রেছ(ই)কে ধৰি ইউ পি এৰ সহযোগী ৰাজনৈতিক দল, জনতা দল (ইউ), শিৱসেনাকে ধৰি এন ডি এৰ সহযোগী সকলো ৰাজনৈতিক দলক সদন ত্যাগ নকৰি, ৰাজ্য সভাত শেষলৈকে উপস্থিত থাকি বিলৰ বিৰুদ্ধে ভোটদান কৰি বিলখন পাছ কৰাত বাধা প্রদান কৰিবলৈ আহবান জনাইছে৷ আছু, নেছ’ৰ প্রতিনিধি দলে ইতিমধ্যে ভাৰতবর্ষৰ বিভিন্ন ৰাষ্ট্রীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃত্বৰে আলোচনা কৰি এই আহবান জনাইছে৷

আজি পুনৰ সদৌ অসম ছাত্র সন্থা (আছু) আৰু উত্তৰ-পূব ছাত্র সংগঠন (নেছ’)ৰ এটা প্রতিনিধি দল নতুন দিল্লীলৈ গৈছে৷ নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰৱা, সম্পাদক প্রধান চিনাম প্রকাশ, নেছ’ৰ উপদেষ্টা, আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচার্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ সমন্বিতে সদৌ অসম ছাত্র সন্থা, সদৌ মণিপুৰ ছাত্র সন্থা, সদৌ অৰুণাচল প্রদেশ ছাত্র সন্থা, খাছি ছাত্র সন্থা, গাৰো ছাত্র সন্থা, নগা ছাত্র ফেডাৰেশ্যন, মিজো জিৰলাই পল, ত্রিপুৰা ছাত্র ফেডাৰেশ্যনৰ নেতৃবর্গ আজি নতুন দিল্লীলৈ গৈছে৷ অসম আৰু উত্তৰ-পূর্বাঞ্চলক ৰক্ষা কৰিবলৈ সকলোকে জাতিধবংসী বিলখন বাতিলৰ বাবে ফলপ্রসূ পদক্ষেপ লৈ দেশৰ দায়িত্ব পালন কৰিবলৈ আছু, নেছ’ৰ প্রতিনিধিৰ দলটোৱে আহবান জনাইছে৷

SPONSORED