হাউলীৰ উদীয়মান যুৱক বিজু সাহাৰ অকাল মৃত্যু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 16, 2019

হাউলীৰ উদীয়মান যুৱক বিজু সাহাৰ অকাল মৃত্যু

হাউলী : বৰপেটা জিলাৰ হাউলীৰ উদীয়মান যুৱক তথা বঙালী যুৱ ছাত্র ফেডাৰেচনৰ হাউলী আঞ্চলিক সমিতিৰ প্ৰাক্তন সম্পাদক তথা ভিভো মোবাইল কোম্পানীৰ কৰ্মচাৰী বিজু সাহাই কিছু দিন পুৰ্বে এক বাইক দূৰ্ঘটনাত আঘাত প্ৰাপ্ত হৈ গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত মৃত্যুৰ সৈতে যুজি অৱশেষত আজি ৰাতিপূৱা ছয় বজাত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।


মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ২৯ বছৰ। অতি সুঠাম চেহেৰাৰ অতি অমায়িক যুৱকজনৰ মৃত্যুত সমগ্ৰ হাউলী অঞ্চলত জুৰি শোঁকৰ ছাঁ বিৰাজ কৰিছে। বিজু সাহাৰ মৃত্যুত বঙালী যুৱ ছাত্র ফেডাৰেচনৰ হাউলী আঞ্চলিক সমিতি, হাউলী ৰবীন্দ্ৰ সংঘ, হাউলী ৰৱীন্দ্ৰ জয়ন্তী উদযাপন সমিতি আদি সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

SPONSORED