পুলৱামাৰ বৰ্বৰতা : শ্বহীদ মনেশ্বৰৰ তামুলপুৰৰ বাসভৱনত শোকাকুল পৰিৱেশ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 16, 2019

পুলৱামাৰ বৰ্বৰতা : শ্বহীদ মনেশ্বৰৰ তামুলপুৰৰ বাসভৱনত শোকাকুল পৰিৱেশ

গুৱাহাটী : ‘মা সোনকালে উঠা, ৰাতি পুৱাল৷ পঢ়া, মই কানবাইলৈ গৈ আছোঁ৷’ এয়া কালি কাশ্মীৰৰ পুলবামা জিলাত সন্ত্রাসবাদীৰ আত্মঘাতী আক্রমণত নিহত চি আৰ পি এফ জোৱান, তামুলপুৰ কলবাৰী গাঁৱৰ মনেশ্বৰ বসুমতাৰীৰ কন্যা দৈদিনশ্রী বসুমতাৰীৰ সৈতে হোৱা অন্তিমটো ম’বাইল বার্লাপ৷ যোৱা জানুৱাৰী মাহত ঘৰলৈ ছুটীত আহি ৪ ফেব্রুৱাৰীত কর্তব্য স্থানলৈ বুলি ৰাওনা হৈছিল আৰু ঘটনাৰ দিনা পুৱা চাৰে পাঁচ বজাত ফ’ন কৰি ঘৰৰ খা-খবৰ লৈছিল৷


কিন্তু মৃত্যুৱে যেন মনেশ্বৰক হাত বাউল দি মাতিছিল কাশ্মীৰলৈ৷ ঘটনাৰ দিনা নিশাই মনেশ্বৰৰ মৃত্যুৰ খবৰ পৰিয়ালৰ লোকে লাভ কৰে যদিও বিশ্বাস কৰিব পৰা নাছিল৷ আজি পুৱাহে মনেশ্বৰৰ মৃত্যু হোৱাৰ কথা নিশ্চিত হয় আৰু লগে লগে তিনিজনীয়া সদস্যৰ পৰিয়ালটোত হুৱা-দুৱা লাগে৷ পত্নী সানমুখী বসুমতাৰী, কন্যা দৈদিনশ্রী বসুমতাৰী আৰু পুত্র ধনঞ্জয় বসুমতাৰী কান্দোনত ভাগি পৰে৷ ১৯৭১ চনত বাক৲সা জিলাৰ অন্তর্গত তামুলপুৰ মহকুমাৰ কলবাৰীত জন্ম গ্রহণ কৰা মনেশ্বৰ বসুমতাৰীয়ে ১৯৯৪ চনত চি আৰ পি এফৰ চাকৰিত যোগদান কৰে৷ মনেশ্বৰ বসুমতাৰীৰ কন্যা দৈদিনশ্রী বসুমতাৰীয়ে স্নাতক পৰীক্ষাত উত্তীর্ণ হৈ ডি এল এড কৰি আছে আৰু পুত্র ধনঞ্জয় বসুমতাৰী স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ছাত্র৷

পিতৃৰ আকস্মিক মৃত্যুৰ খবৰে পত্নী, কন্যা আৰু পুত্রক ব্যথিত আৰু দিশহাৰা কৰি তুলিছে৷ তাৰ মাজতে উচুপি উচুপি পত্নী সানমুখী বসুমতাৰীয়ে ক’লে– দেশৰ বাবে মোৰ স্বামী শ্বহীদ হ’ল, সেইটো গৌৰৱৰ বিষয়৷ এতিয়া মোৰ ল’ৰা-ছোৱালীহাল কেনেকৈ সংস্থাপিত কৰিব পাৰোঁ তাকে ভাবি দুখ লাগিছে৷ আজি পুৱাৰে পৰা শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ তামুলপুৰস্থিত কলবাৰীৰ বাসভৱনত শুভাকাংক্ষী, বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনৰ নেতা-কর্মী উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে৷

পৰিয়াললৈ ২০ লাখ টকাৰ সাহায্য ঘোষণা অসম চৰকাৰৰ 
জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ আক্রমণত নিহত বাকসা জিলাৰ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ মুখ্যমন্ত্রী সোণোৱালে ২০ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷

SPONSORED