চাৰি সন্তান জন্ম দিলে দিব নালাগে টেক্স - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 14, 2019

চাৰি সন্তান জন্ম দিলে দিব নালাগে টেক্স

ৱেব সংবাদ : যি সময়ত জনবিস্ফোৰণে সমগ্র বিশ্বক সমস্যাত পেলাইছে সেই সময়ত ইউৰােপৰ এখন দেশ হাংগেৰীয়ে জনসংখ্যা বৃদ্ধিক উৎসাহ জনােৱা কাৰ্যই সমগ্র বিশ্ববাসীক চিন্তিত কৰি তুলিছে। শেহতীয়াকৈ হাংগেৰীৰ প্রধানমন্ত্রীয়ে দেশখনত চাৰিবা ততােধিক সন্তান জন্ম দিয়া মহিলাসকলক আজীৱন ৰেহাই দিয়াৰ কথা ঘােষণা কৰিছে।


দেশখনৰ প্রধানমন্ত্রীজনে হাংগেৰীত জন্মৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে সাত সূত্ৰৰ ‘ফেমিলী প্রটেকশন একশন প্লেন’ ঘােষণা কৰিছে। এইআঁচনিৰ অধীনত দেশৰ জনসাধাৰণক বিবাহ কৰাবলৈ আৰু পৰিয়াল বৃদ্ধি কৰিবলৈ উৎসাহ যােগােৱা হব। ভিক্তৰ আৰবানে কয় যে প্রবাসীসকলৰ ওপৰত নিৰ্ভৰশীল হাংগেৰীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ এয়া এক প্রয়াস মাত্র।

উল্লেখ্যযােগ্য যে দক্ষিণপন্থী ৰাষ্ট্রবাদী ভিক্তৰে দেশখনত মুছলিম প্রবাসীসকলৰ আগমণৰ বিৰােধিতা কৰি আহিছে। হাংগেৰীৰ জনসংখ্যা প্রছিৰে ৩২ হাজাৰকৈ হাস পাই আহিছে। ইউৰােপীয় দেশসমূহৰ তুলনাত হাংগেৰীত জন্মৰ হাৰ বহুতকম। জনসংখ্যা বৃদ্ধিৰ আঁচনিৰ অধীন দেশখন প্ৰতিটো দম্পতিক ৩৬ হাজাৰ ডলাৰ সূতবিহীনভাৱে ঋণ দিয়া হ'ব আৰু দম্পতিটোৰ তিনিটা সন্তান জন্ম হলে ঋণ মাফ কৰা হ'ব। ইয়াৰােপৰি ডাঙৰ পৰিয়ালৰ বাবে বাহন ক্রযৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব। ইয়াৰােপৰি ২১,০০০ ক্রেছ খােলাৰ বাবেও চৰকাৰে ব্যৱস্থা হাতত লৈছে।

SPONSORED