অসমৰ ১৭টা সমষ্টি দখল কৰিব বাংলাদেশী মুছলমানে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 14, 2019

অসমৰ ১৭টা সমষ্টি দখল কৰিব বাংলাদেশী মুছলমানে

গুৱাহাটী : ৰাজ্যসভাত নাগৰিকত্ব সংশােধনী বিধেয়ক উত্থাপন নােহােৱা সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে বিত্তমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই। বিধেয়কখন গৃহীত নহ'লে অসমবাসীৰ পৰাজয় হ’ব বুলি মন্তব্য কৰি সংবাদ মাধ্যমৰে হােৱা বাৰ্তালাপত মন্ত্রী ড° শৰ্মাই কয়— বিধেয়কখন গৃহীত কৰিবলৈ মােৰ পূর্ণ সমর্থন আছে, দলৰ পূর্ণ সমর্থন আছে। আগন্তুক নির্বাচনত বিজেপিয়ে এই প্রতিশ্রুতিৰেই নির্বাচনত নামিব। ইয়াত লুক-ঢাক কৰিবলৈ একো নাই।


ৰাজ্যসভাত আমাৰ সংখ্যাগৰিষ্ঠতা নাই, যেতিয়াই সংখ্যাগৰিষ্ঠতা হ’ব, বিধেয়কখন গৃহীত হ’ব। তেওঁ ইয়াকো কয়— বিধেয়কখনক স্থায়িত্ব দিব লাগিব। নহলে নমনি আৰু মধ্য অসমত ২০২১ চনত ১৭টা সমষ্টি বাংলাদেশী মুছলমানে দখল কৰিব। আমাৰ সভ্যতা-সংস্কৃতি ম্লান হ'ব। অসমৰ সভ্যতা-সংস্কৃতি, ভাষা চিৰদিনৰ কাৰণে নােহােৱা হৈ পৰিব। সংসদত সংখ্যাৰ বিষয়টো এক বেলেগ কথা। কিন্তু বিজেপিয়ে বিধেয়কখনক লৈ দৃঢ় আৰু ইয়াক ৰূপায়ণ কৰিব।

SPONSORED