বগীবিল দলং পৰিদর্শন প্রাক্তন প্রধানমন্ত্রী দেৱেগৌড়াৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, February 20, 2019

বগীবিল দলং পৰিদর্শন প্রাক্তন প্রধানমন্ত্রী দেৱেগৌড়াৰ

গুৱাহাটী : প্রাক্তন প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়াই বগীবিল দলং পৰিদর্শন কৰে৷ প্রাক্তন প্রধানমন্ত্রীজনে আজি বিয়লি স্পাইচ জেট বিমানযোগে ডিব্রুগড়ত অৱতৰণ কৰি পোনে পোনে গাড়ীৰে বগীবিল দলং হৈ অৰুণাচলৰ পাছিঘাটলৈ ৰাওনা হয়৷ তেওঁক সংগ দিয়ে অৰুণাচলৰ প্রাক্তন মুখ্যমন্ত্রী গেগং আপাঙে৷ উল্লেখযোগ্য যে ১৯৯৭ চনৰ ২২ জানুৱাৰীত তেতিয়াৰ প্রধানমন্ত্রী দেৱেগৌড়াই এই বগীবিল দলং প্রকল্পৰ আধাৰশিলা স্থাপন কৰিছিল৷ সেই সূত্রে তেওঁৰ বগীবিল দলংখনক লৈ এক আন্তৰিক সম্পর্ক আছে৷


কালি বিয়লি তেওঁ বগীবিল দলঙৰ মাজ অংশত নামি বহু সময় দলংখন প্রত্যক্ষ কৰে৷ তেওঁ কয় যে পলমকৈ হ’লেও বগীবিল দলং সম্পূর্ণ হৈ উঠাত অসম আৰু অৰুণাচল প্রদেশৰ ৰাইজৰ আর্থ-সামাজিক দিশত সুবিধা হ’ব৷ এনে ধৰণৰ উন্নয়নমূলক কাম উত্তৰ-পূর্বাঞ্চলত হ’ব লাগে বুলিও তেওঁ কয়৷ বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উন্নয়নমূলক কাম-কাজ কৰা বুলি উল্লেখ কৰি দেৱেগৌড়াই কয় যে আৰু অধিক উন্নয়নত গুৰুত্ব দিব লাগিব৷ বগীবিল দলং উদ্বোধনৰ সময়ত তেওঁক এন ডি এ চৰকাৰে নিমন্ত্রণ নকৰাত আক্ষেপ নাই বুলি কয়৷ আজি তেওঁ অৰুণাচলৰ প্রাক্তন মুখ্যমন্ত্রীৰ আতিথ্য গ্রহণ কৰি কাইলৈ পুনৰ দিল্লীলৈ ঘূৰি যোৱাৰ কথা৷ তেওঁৰ এই ভ্রমণ আগন্তুক লোক সভাৰ নির্বাচনকেন্দ্রিক বুলি গণ্য কৰা হৈছে৷

SPONSORED