গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ লগতে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্রত চৰকাৰে বিভ্রান্তিৰ সৃষ্টি কৰিছে৷ নাগৰিকপঞ্জী উন্নীতকৰণক লৈ আজি পুনৰ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক তীব্র ভাষাৰে ভৎর্সনা কৰি এই অভিমত ব্যক্ত কৰিছে উচচতম ন্যায়ালয়ে৷ সবোর্চচ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এন এন ৰাও আৰু সঞ্জীৱ খান্নাৰ খণ্ড বিচাৰপীঠ এখনে ৰাজ্যখনত থকা ডিটেনশ্যন কেম্পসমূহৰ সন্দর্ভত মানৱাধিকাৰ কর্মী হর্ষ মাণ্ডাৰে দাখিল কৰা এখন আৱেদনৰ শুনানি গ্রহণ কৰি কয়– চৰকাৰে বিদেশীৰ সন্দর্ভত প্রকাশ কৰা তথ্য মতে, নাগৰিকপঞ্জীৰ খচৰাত প্রায় ৪০ লাখ লোকৰ নাম অন্তর্ভুক্ত হোৱা নাই৷
ইয়াৰ অর্থ হ’ল প্রাথমিক দৃষ্টিত তেওঁলোক বিদেশী৷ কিন্তু নাগৰিকপঞ্জীৰ কাম সমাপ্ত নোহোৱাকৈ তেওঁলোকক কিদৰে বিদেশী বুলি গণ্য কৰা হ’ব বুলি প্রশ্ন উত্থাপন কৰে আদালতে৷ ন্যায়ালয়ৰ অভিযোগ, নাগৰিকপঞ্জীৰ খচৰাৰ পৰা বাদ যোৱা লোকসকলক বিদেশী সজাব খোজা হৈছে৷ মন কৰিব লগীয়া কথা যে ৰাজ্য চৰকাৰে আদালতত প্রকাশ কৰা মতে, বিদেশী ন্যায়াধিকৰণে এতিয়ালৈকে মাত্র ৫২,০০০জন লোকক বিদেশী বুলি ঘোষণা কৰিছে৷ কিন্তু চৰকাৰে বহিষ্কাৰ কৰিবলৈ সক্ষম হৈছে মাত্র ১৬২জনকহে৷ আনহাতে, ২৭,০০০ বিদেশীয়ে ভাৰতত প্রৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত ‘পুছ বেক’ কৰি সীমান্তৰ পৰা ঘূৰাই পথোৱা হৈছে৷
চৰকাৰে আদালতত জনোৱা মতে, সম্প্রতি ৰাজ্যৰ ছয়টা ডিটেনশ্যন কেম্পত মুঠ ৯৩৮জন লোক বন্দী হৈ আছে৷ ইয়াৰে ভিতৰত ৮২৩জন লোকক বিদেশী বুলি ঘোষণা কৰা হৈছে৷ মন কৰিব লগীয়া কথা যে যোৱা ২৮ জানুৱাৰীত হোৱা শুনানি কালত ন্যায়ালয়ে ডিটেনশ্যন কেম্পত থকা লোকৰ সংখ্যা, কিমান সংখ্যক লোকক বিদেশী ঘোষণা কৰা হৈছে, কিমান লোকক বহিষ্কাৰ কৰা হৈছে এই সকলোবোৰ তথ্য আদালতত দাখিল কৰাৰ বাবে নির্দেশ দিছিল৷
পিছে চৰকাৰে আদালতত দাখিল কৰা তথ্য দেখিয়েই আজি ক্ষুব্ধ হৈ পৰে ন্যায়াধীশ কল৷ চৰকাৰক তীব্র ভাষাৰে ভৎর্সনা কৰি বিচাৰকত্রয়ে কয় যে অসমত বিদেশীৰ সমস্যা দীর্ঘদিনীয়া৷ যোৱা ৫০ বছৰ ধৰি এই সমস্যা ৰাজ্যখনত বর্তি আছে৷ কিন্তু চৰকাৰে এই সমস্যা আজিলৈকে সমাধান কৰাৰ ক্ষেত্রত অলপো গুৰুত্ব প্রদান কৰা নাই৷ এনে পৰিস্থিতিত চৰকাৰৰ ওপৰত জনগণে কিদৰে আস্থা ৰাখিব বুলিও প্রশ্ন উত্থাপন কৰে আদালতে৷ আনহাতে, ৫২,০০০জন লোকক বিদেশী বুলি ঘোষণা কৰাৰ পাছত উক্ত লোকসকলৰ প্রতিজনকে কিয় বহিষ্কাৰ কৰা হোৱা নাই সেই কথাও জানিব খোজে আদালতে৷
চৰকাৰে যদি জানেই ৰাজ্যখনত বিদেশী আছে তেনেহ’লে উক্ত বিদেশী লোকসকলক চিনাক্ত কৰি কিয় বহিষ্কাৰ কৰা হোৱা নাই বুলিও প্রশ্ন তোলে বিচাৰককেইজনে৷ প্রণিধানযোগ্য যে আজি চৰকাৰে আদালতত প্রকাশ কৰা মতে, অসমত নতুন ডিটেনশ্যন কেম্প স্থাপন কৰাৰ লগতে কেম্পসমূহ উন্নীতকৰণৰ বাবে ইতিমধ্যে কেন্দ্রই ৪৭ কোটি টকা মোকোলাই দিছে৷ উক্ত নতুন কেম্পসমূহ অহা ৩১ আগষ্টৰ ভিতৰত ব্যৱহাৰৰ বাবে উপযোগী হৈ উঠিব৷ কিন্তু ৰাজ্য চৰকাৰৰ এনে কথাত সন্তুষ্ট নহ’ল আদালত৷ সেয়েহে তেওঁলোক স্পষ্টভাৱে কয় যে ডিটেনশ্যন কেম্পৰ অৱস্থাৰ সন্দর্ভত আমি তীক্ষ্ন নজৰ ৰাখিম৷
আনহাতে, কেম্পসমূহত কোনো লোকক দীর্ঘদিন ধৰি বন্দী কৰি ৰাখিব নোৱাৰিব বুলি স্পষ্ট কৰি ন্যায়ালয়ে কয় যে এক নির্দিষ্ট সময়হে কোনো লোকক কেম্পত বন্দী কৰি ৰাখিব পাৰিব আৰু তাৰ পাছতেই তেওঁলোকক বহিষ্কাৰ কৰিব লাগিব৷ এইক্ষেত্রত কেন্দ্রীয় বৈদেশিক পৰিক্রমা দপ্তৰ, কেন্দ্রীয় গৃহ মন্ত্র্যালয় আৰু ৰাজ্য চৰকাৰক একেলগে বহি এক সিদ্ধান্ত গ্রহণ কৰাৰ বাবেও নির্দেশ দিয়ে আদালতে৷ এই সম্পর্কত কি সিদ্ধান্ত গ্রহণ কৰিলে সেয়া চৰকাৰে দুই সপ্তাহৰ ভিতৰত আদালতক অৱগত কৰিব লাগিব৷ এই সন্দর্ভত আদালতে পৰৱর্তী শুনানি গ্রহণ কৰিব অহা ১৩ মার্চত৷ মন কৰিব লগীয়া কথা যে ইয়াৰ পূর্বেও আদালতে নাগৰিকপঞ্জী উন্নীতকৰণত কেন্দ্রীয় চৰকাৰে বাধা প্রদান কৰি অহা বুলি অভিযোগ তুলি আহিছিল৷ মুখ্য ন্যায়াধীশ গগৈয়ে আনকি চৰকাৰে নাগৰিকপঞ্জী ধবংস কৰাৰ বাবে চেষ্টা চলাই থকা বুলিও অভিযোগ উত্থাপন কৰিছিল৷