গুৱাহাটী : কংগ্রেছৰ দৰে সূতা-কম্বল বিতৰণেৰে হিতাধিকাৰী সৃষ্টি কৰা আঁচনি গ্রহণ নকৰাৰ দম্ভালি মৰা বিজেপি- নেতৃত্বাধীন ৰাজ্য চৰকাৰে অৱশেষত নির্বাচন জয়ৰ বাবে কংগ্রেছৰ পথকে অনুকৰণ কৰিবলগীয়া হ’ল৷ কংগ্রেছ চৰকাৰে সৃষ্টি কৰা দুখীয়া লোকলৈ তিনিটকীয়া দৰত চাউল, ছাত্রীক চাইকেল, নিবনুৱা যুৱকক সংস্থাপনৰ বাবে কল্পতৰুৰ দৰে আঁচনিৰ নাম সলাই অনুৰূপ আঁচনিৰে ভোটাৰৰ মন জয় কৰিবলৈ বিচাৰিছে বিজেপি চৰকাৰে৷ সন্মুখত থকা লোক সভাৰ নির্বাচনৰ পূর্বে কৃষকক আর্থিক সাহায্য, চাহ বাগানৰ শ্রমিকৰ বেংক একাউণ্টত নগদ ধন জমা কৰাৰ দৰে আঁচনিৰ পাছত খাদ্য সুৰক্ষা আইনৰ অধীনত এইবাৰ বিজেপি- নেতৃত্বাধীন চৰকাৰে প্রতি কেজি চাউল দিব এটকাত৷
উল্লেখযোগ্য যে পূর্বৰ ইউ পি এ চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত দিছিল তিনি টকা দামত চাউল৷ প্রতিটো দুখীয়া পৰিয়ালৰ সদস্যই প্রতি ৫ কেজিকৈ চাউল লাভ কৰিব প্রতি মাহত৷ প্রতি কেজি চাউলৰ দাম হ’ব এটকা৷ চাহ বাগিচা এলেকাৰ শ্রমিকে লাভ কৰিব বিনামূলীয়াকৈ৷
অহা এক মার্চৰ পৰা অন্ন নামৰ আঁচনিখন প্রযোজ্য হ’ব৷ ২০১৯-২০ বর্ষৰ বাজেট ভাষণত বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই আঁচনিখনৰ কথা ঘোষণা কৰিছিল৷ অহা এক মার্চৰ পৰা কার্যকৰী কৰাৰ উদ্দেশ্যৰে আজি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলৰ লগতে গাঁও পঞ্চায়ত, সমবায় সমিতি আৰু সম্পাদকসকলৰ সৈতে আঁচনিখন ৰূপায়ণ সন্দর্ভত গুৱাহাটী মেডিকেল কলেজ প্রেক্ষাগৃহত এখন বৈঠকত মিলিত হয়৷
বৈঠকৰ অন্তত বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে দুখীয়া লোকক এক টকাত আৰু চাহ বাগানত বিনামূলীয়াকৈ চাউল বিতৰণ আঁচনিখন সম্পূর্ণ স্বচছতাৰে ৰূপায়ণ কৰা হ’ব৷ অহা ২৮ ফেব্রুৱাৰীত সমবায় সমিতিসমূহে চাউল ৰাইজৰ মাজত বিতৰণ কৰিব৷