চূড়ান্ত মিত্ৰতাৰ দিশে অগপ-বিজেপি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 20, 2019

চূড়ান্ত মিত্ৰতাৰ দিশে অগপ-বিজেপি

গুৱাহাটী : অগপ-বিজেপিৰ মিত্রতা অনিশ্চয়তাত থকাৰ সময়ত অগপ দলৰ সভাপতি আৰু কার্যকৰী সভাপতিয়ে যোৱা নিশা মেঘালয়ৰ মুখ্যমন্ত্রীক সাক্ষাৎ কৰা কার্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাক কালি নিশা অগপৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই সাক্ষাৎ কৰিছিল৷


নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ প্রসংগ এইবাৰলৈ প্রায় নস্যাৎ হৈ পৰাৰ সময়ত মেঘালয়ৰ মুখ্যমন্ত্রীৰ লগত অগপৰ নেতাদ্বয়ে কি আলোচনা কৰিলে তাক লৈ এতিয়া বিজেপিৰ মাজতো চর্ আৰম্ভ হৈছে৷ ইফালে অগপ দলে কাইলৈ আহ্বান জনাইছে দলৰ কেন্দ্রীয় কার্যনির্বাহক সভা৷ কেন্দ্রীয় কার্যনির্বাহক সভাৰ পূর্বে কনৰাড চাংমাৰ লগত সভাপতি আৰু কার্যকৰী সভাপতিয়ে আলোচনাত মিলিত হোৱা কার্য স্বাভাৱিকতে অগপৰ ভিতৰতো চর্ আৰম্ভ হৈছে৷

উল্লেখযোগ্য যে বিজেপিৰ লগত পুনৰ মিত্রতা বাহাল ৰখা হ’ব নে নহ’ব, সেই বিষয়ে পুনৰ সিদ্ধান্ত ল’বলৈ বিষয়টো দলৰ মজিয়াত আলোচনা কৰা হ’ব বুলি কেইদিনমান পূর্বে সংবাদ মাধ্যমৰ আগত সভাপতি অতুল বৰাই ঘোষণা কৰিছিল৷ ইফালে কাইলৈ আহ্বান জনাইছে কেন্দ্রীয় কার্যনির্বাহক৷ হঠাৎ কাইলৈ কেন্দ্রীয় কার্যনির্বাহক সভা আহ্বান কৰাৰ আঁৰত মিত্রতাৰ প্রসংগ জড়িত হৈ থকাটো একপ্রকাৰ নিশ্চিত হৈছে৷ কিন্তু অগপই বিচাৰিলে মিত্রতা হ’বনে?

যিহেতু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে অগপৰ লগত পুনৰ মিত্রতা নস্যাৎ কৰিছে, সেয়ে অগপই দলৰ মজিয়াত বিষয়টো আলোচনা কৰিলেও বিজেপিৰ লগত মিত্রতা নহ’ব পাৰে৷ সেয়ে বিষয়টো ‘নেডা’ৰ প্লেটফর্ম ব্যৱহাৰ কৰি আগবঢ়াই নিয়াৰ উদ্দেশ্যে অগপৰ নেতৃত্বই কালি নিশা কনৰাড চাংমাক সাক্ষাৎ কৰা বুলি চর্ চলিছে৷

আন এক সূত্রৰ মতে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে অলপতে লখিমপুৰত দলীয় বৈঠকত অংশগ্রহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বই বুলি হুংকাৰ দিয়াৰ প্রসংগক লৈয়ো অগপৰ নেতাদ্বয়ে কনৰাড চাংমাৰ লগত আলোচনাত বহা বুলি সমান্তৰাল চর্ চলিছে৷ যিয়েই নহওক কিয়, কাইলৈ অগপৰ কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হ’ব আৰু সেই সভাত মিত্রতাৰ প্রসংগই আগস্থান পোৱাটো নিশ্চিত হৈ পৰিছে৷

SPONSORED