৭৪সংখ্যক আন্তঃৰাজ্যিক-মালিক বেডমিন্টন চেম্পিয়নশ্বিপত সপ্তমবাৰলৈ খিতাপ অর্জন এ এ আইৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 12, 2019

৭৪সংখ্যক আন্তঃৰাজ্যিক-মালিক বেডমিন্টন চেম্পিয়নশ্বিপত সপ্তমবাৰলৈ খিতাপ অর্জন এ এ আইৰ


ৱেব ক্ৰীড়া সংবাদ : সপ্তমবাৰৰ বাবে য়’নেক্স-ছানৰাইজ ৭৪সংখ্যক আন্তঃৰাজ্যিক-আন্তঃমাণ্ডলিক বেডমিন্টন প্রতিযােগিতাৰ খিতাপ জয় কৰিলে। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (এ এ আই)। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনড়’ৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত ফাইনেল মেচখনত এ এ আয়ে ৰেলৱেক কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত ৩-২ৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে। এছিয়ান জুনিয়ৰ চেম্পিয়ন লক্ষ্য সেনে ৰেলৱেৰ শুভংকৰ দে’ক পৰাস্ত কৰি এ এ আইক সুন্দৰ আৰম্ভণি দিয়ে।

য়নেক্স ছানৰাইজ ৭৪সংখ্যক আন্তঃৰাজ্যিক-আন্তঃমালিক বেডমিণ্টনৰ তৃতীয় স্থানপ্রাপ্ত অসম দলটো
ইপিনে, দ্বিতীয়খন ছিংগলছতাে আকর্ষি কাশ্যপে জয়লাভ কৰি এ এ আইক ২-০ত অগ্রগতি প্রদান কৰে যদিও মিক্সড ডাবলছ আৰু মহিলা ডাবলছ মেচখনত ৰেলৱে দলে জয়লাভ কৰাত ২-২ সমতা স্থাপন হয়। অৱশ্যে নির্ণায়ক মেচখনত এ এ আয়ে জয়লাভ কৰি ৩-২ৰ ব্যৱধানত খিতাপ জয় কৰে। ইপিনে, প্রতিযােগিতাখনত অসমে তৃতীয় স্থান লাভ কৰে।

SPONSORED