গুৱাহাটী : মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে বাইক চোৰৰ উপদ্ৰৱ৷ বাইকৰ তলা ভাঙি অতি কৌশলেৰে বাইক চুৰি কৰি নিয়া ঘটনাই সম্প্ৰতি বাইকৰ গৰাকীসকলৰ মূল চিন্তাৰ কাৰণ হৈ পৰিছে৷ মহানগৰীৰ আৰক্ষী-প্ৰশাসনেও এনে বাইক চুৰি ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা নাই৷ ফলত চোৰে অনায়াসে এনে চুৰি কাণ্ড সংঘটিত কৰি আহিছে৷
শেহতীয়াকৈ একেই বাইক চুৰি কাণ্ড সংঘটিত হ’ল ৰাজধানী দিছপুৰৰ লখিমী নগৰৰ পৰা৷ ঘটনাৰ বিৱৰণী অনুসৰি, অসম স্কীল ডেভেলপমেণ্ট মিছনৰ কোৰ্চ ট্ৰেইনাৰ উৎপল শইকীয়া কাৰ্যালয়ৰ পৰা নিজৰ দায়িত্ব সমাপন কৰি সন্ধিয়া প্ৰায় ৭.৩০ বজাত দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লখিমী নগৰৰ কৰৱী পথস্থিত ভাড়া ঘৰত থকা ৪ নং ঘৰত উপস্থিত হয়৷ উৎপল শইকীয়াই আন দিনাৰ দৰে আজিও নিজৰ বাইকখন তলা মাৰি কোঠালৈ সোমোৱাৰ পিছতেই চোৰে অতি কৌশলেৰে তলা ভাঙি এ এছ ০১ ১৩০৯ নম্বৰৰ কলা ৰঙৰ বাজাজ পালছাৰ ১৮০ বাইকখন চোৰে চুৰি কৰি নিয়ে৷ অলপ পিছত বজাৰ কৰিবলৈ যাব বিচৰা উৎপল শইকীয়াই বাইক ৰখা স্থানত বাইকখন দেখা নোপোৱাত হুৱা-দুৱাৰ সৃষ্টি হয়৷ ইপিনে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে৷
উল্লেখ্য যে মহানগৰীত সঘটনাই সংঘটিত হৈ থকা এনে চুৰি কাণ্ড ৰোধ কৰাৰ বাবে আৰক্ষী-প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে৷