নতুন দিল্লী : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়াও শংকা আতৰা নাই। বিজেপিয়ে এই বিধেয়কখন কি দৰে উত্থাপন কৰিব পাৰি তাৰ চেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যসভাত ১২ ফেব্ৰুৱাৰী, ২০১৯ত এই বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছিল যদিও, শেষ মুহূৰ্তত হুলস্থূলীয়া পৰিৱেশৰ বাবে প্ৰথমে ২ বজালৈক সদনৰ কাম-কাজ স্থগিত কৰাত বিধেয়কখন উত্থাপন কৰাত বাধাৰ সন্মুখীন হয় মোডী চৰকাৰ।
বিধেয়খনৰ সপক্ষে বিজেপি, আকালী দল, বিপিএফ আদি দল থকাৰ বিপৰীতে তৃণমূল কংগ্ৰেছ, এআইডিএমকে, বিজেডি, টি আৰ এছ, এন অ এম, ৱাই এছ আৰ চি পি, এছ ডি এপ, আৰ পি আই আদি দলৰ স্থিতি স্পষ্ট নহয়। বৰ্তমান ৰাজ্যসভাত ২৪৪জন সাংসদ আছে। এই বিধেয়কখন গৃহীত কৰিবলৈ ১২৩জন সাংসদৰ সমৰ্থন লাগিব বিজেপিক। ইউ পি আইৰ ৬৬জন সাংসদে এই বিধেয়কখন বিৰোধিতা কৰাৰ বিপৰীতে এন ডি এৰ ৮৯জন সাংসদে এই বিধেয়ক সমৰ্থন কৰিছে।
তেনেস্থলত স্থিতি স্পষ্ট নকৰা ৫৫জন সাংসদৰ ভূমিকাই এই বিধেয়কখন গৃহীত কৰা-নকৰাকলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিধেয়কখনৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰা সাংসদৰ বৰ্তমানৰ সংখ্যা ১১১জন। ইয়াৰে ৫০ কংগ্ৰেছৰ, ৬জন জে ডি ইউৰ, ৬ জন টিডিপি, ৫ জন চিবিআইএম, ৪জন জি এম কে, ৩ জন শিৱসেনা, ২ দুজন চিপিআই, ৪জন বি এছ পি, ১৩জন বহুজন সমাজ পাৰ্টীৰ সাংসদ আছে।
১২ ফেব্ৰুৱাৰীত এই বিধেয়ক উত্থাপন নকৰিলেও ৰাজ্যসভাৰ কাম-কাজ ৩দিনৰ বাবে বৃদ্ধি কৰিব পাৰে বুলি ইংগিত দিলে বিজয় গোৱেলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে প্ৰয়োজনত ৰাজ্যসভাৰ কাম-কাজ ২-৩ দিন পৰ্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতি, আছুকে ধৰি জাতীয় দল-সংগঠনে দিল্লীত অৱস্থান গ্ৰহণ কৰি এই বিধেয়কখনৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক শক্তিক একত্ৰিত কৰাৰ অপ্ৰাণ চেষ্টা চলাইছে।