সুধাকণ্ঠক দিয়া ‘ভাৰত ৰত্ন’ক লৈ অসন্তুষ্টি পৰিয়ালৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, February 12, 2019

সুধাকণ্ঠক দিয়া ‘ভাৰত ৰত্ন’ক লৈ অসন্তুষ্টি পৰিয়ালৰ

ৱেব সংবাদ : অসমৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়ক জাঁপি দিয়াক লৈ কি স্তৰত প্ৰতিবাদ হৈছে তাৰ প্ৰমাণ সুধাকণ্ঠক দিয়া ‘ভাৰত ৰত্ন’ক লৈও খোদ সুধাকণ্ঠৰ পুত্ৰই অসন্তুষ্টি ব্যক্ত কৰিছে। আমেৰিকাত থকা সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই সংবাদ মাধ্যমক এইবুলি অৱগত কৰে যে— আজিৰ তাৰিখত তেওঁৰ পিতৃ জীয়াই থকা হ’লে এই সন্মান হয়তো গ্ৰহণ নকৰিলে হয়। সেয়েহে তেওঁ সুধাকণ্ঠৰ পুত্ৰ হিচাপে ব্যক্তিগতভাৱে এই সন্মানৰ প্ৰতি লালায়িত নহয় বুলি মন্তব্য কৰি এনে সন্মানতকৈ অসমৰ ৰাইজৰ আৱেগ-অনুভৱক চৰকাৰে গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰিছিল।


সুধাকণ্ঠই ভাৰত ৰত্ন লাভ কৰাত সন্তুষ্টি ব্যক্ত কৰিলে হয় সকলোৱে। যদিহে এই প্ৰেক্ষাপটত সুধাকণ্ঠক ‘ভাৰত ৰত্ন’ যাচি বিজেপি চৰকাৰে অসমীয়া জাতীয় আৱেগক লৈ ৰাজনীতি নকৰিলে হয়। সেই কথা বুজি পাইছে সুধাকণ্ঠৰ পুত্ৰয়ো। সুধাকণ্ঠক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰাৰ দাবী আজিৰ নহয়। তেওঁৰ মৃত্যুৰ আগৰে পৰাই তেওঁক এই সন্মান যাচিবলৈ দাবী উত্থাপন হৈ আছিল। মৃত্যুৰ পাছত সেই দাবী আৰু তীব্ৰতৰ হৈছিল।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সুধাকণ্ঠক ভাৰত ৰত্ন যচাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। মোডী চৰকাৰেও যোৱা ৪ বছৰে সুধাকণ্ঠক যে ভাৰত ৰত্ন যাচিব লাগে, তাৰ প্ৰতি উদাস দৃষ্টি পোষণ কৰিছিল। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ ৰাজ্যত সৃষ্টি হোৱা ক্ষোভ আৰু আৱেগ প্ৰশমনৰ বাবেই যেন তেওঁক এই সন্মানেৰে সন্মানিত কৰা হ’ল। তেনে প্ৰশ্ন উত্থাপন হোৱাৰ মুহূৰ্ততে তেজ হাজৰিকাৰ এই স্থিতিয়ে এক শক্তিশালী বাৰ্তা গৈছে চৰকাৰী পক্ষলৈ।

SPONSORED