প্ৰিয়ংকা গান্ধীৰ ছুনামী বিজ্ঞাপনেৰে ঢাকি ৰাখিবলৈ বিজেপি চৰকাৰৰ বৃথা চেষ্টা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, February 12, 2019

প্ৰিয়ংকা গান্ধীৰ ছুনামী বিজ্ঞাপনেৰে ঢাকি ৰাখিবলৈ বিজেপি চৰকাৰৰ বৃথা চেষ্টা

ৱেব সংবাদ : সোমবাৰে উত্তৰপ্ৰদেশত ৰোড শ্ব’ত অংশ লৈছিল প্ৰিয়ংকা গান্ধীয়ে। যথেষ্ট সংখ্যক সমৰ্থক উপস্থিত আছিল এই ৰোড শ্ব’ত। কিন্তু সেই খবৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ এখনতো সন্মুখৰ পৃষ্ঠাত প্ৰকাশ নাপালে।
মঙলবাৰে প্ৰকাশিত দেশৰ প্ৰধান বাতৰি কাকত সমূহত ইয়াৰ বিপৰীতে প্ৰকাশ পালে এটা বিজ্ঞাপন। ‘নয়া ভাৰত কা, নয়া উত্তৰপ্ৰদেশ’ শীৰ্ষক এই বিজ্ঞাপনটো প্ৰকাশ পাইছে ‘নৱ ভাৰত টাইম’, ‘অমৰ উজ্বলা’, ‘দৈনিক জাগৰণ’, ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ আদি বহু প্ৰচলিত বাতৰি কাকতসমূহত।


‘উত্তৰপ্ৰদেশ ভাৰতৰ ১ নম্বৰ ৰাজ্য হিচাপে পৰিৱৰ্তনৰ ২২ মাহ’ শীৰ্ষৰে এই বিজ্ঞাপন প্ৰকাশ কৰিছে উত্তৰপ্ৰদেশ চৰকাৰে। মোডী, যোগী আদিত্যনাথৰ ফটো সম্বলিত এই বিজ্ঞাপনটো সম্পূৰ্ণ প্ৰথম পৃষ্ঠাটোত ভৰি আছে। চৰ্চা হৈছে- প্ৰিয়ংকা গান্ধীৰ খবৰ যাতে সংবাদমাধ্যমসমূহে প্ৰকাশ কৰিব নোৱাৰে, তাৰ বাবেই এই বিজ্ঞাপন প্ৰকাশৰ ব্যৱস্থা কৰিলে উত্তৰপ্ৰদেশ চৰকাৰে।
সংগ্ৰহঃ অসমীয়া প্ৰতিদিন

SPONSORED