সময়মতে দাখিল নহ’ল যোৰহাট, গোলাঘাটৰ সুৰা ট্রেজেডিৰ প্রতিবেদন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 5, 2019

সময়মতে দাখিল নহ’ল যোৰহাট, গোলাঘাটৰ সুৰা ট্রেজেডিৰ প্রতিবেদন

গুৱাহাটী : সুৰা মাফিয়াৰ সৈতে একাংশ আবকাৰী বিষয়াৰ হলি-গলি এতিয়াও চলি আছে৷ গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিক লোকৰ প্রাণ কাঢ়ি নিয়া সুৰা ট্রেজেডিৰ তদন্ত কৰিবলৈ আবকাৰী মন্ত্রীয়ে গঠন কৰি দিয়া চাৰিজনীয়া কমিটীখনে নির্ধাৰিত সময়ৰ ভিতৰত প্রতিবেদন দাখিল নকৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ অতিৰিক্ত আবকাৰী আয়ুক্ত সঞ্জীৱ মেধিৰ নেতৃত্বত গঠন কৰি দিয়া কমিটীখনক তিনিদিনৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছিল যদিও আজি পর্যন্ত দাখিল কৰা নাই প্রতিবেদন৷


তদন্ত কমিটীখনত অন্তর্ভুক্ত দুজন উপ- আবকাৰী অধীক্ষকৰ ভূমিকাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো এই দুজন উপ-আবকাৰী অধীক্ষকৰ বিৰুদ্ধে সুৰা মাফিয়াৰ সৈতে সু-সম্পর্ক ৰক্ষা কৰাৰ পূর্বৰে পৰা অভিযোগ আছে৷ দীর্ঘদিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত কর্মৰত জনৈক ৰছিদ উপাধিৰ উপ- অধীক্ষকজনে সুৰা মাফিয়াৰ স্বার্থত কাম কৰি অহাৰ পুৰণি অভিযোগ আছে৷ কেচু খান্দোতে সাপ ওলোৱাৰ ভয়ত তদন্ত কমিটীখনে প্রতিবেদন যুগুত কৰাত বিলম্বৰ সৃষ্টি কৰিছে নেকি তাক লৈ প্রশ্নৰ উদয় হৈছে৷ যোৱা ২২ ফেব্রুৱাৰীত গঠন কৰি দিয়া চাৰিজনীয়া তদন্ত কমিটীখনক ২৬ ফেব্রুৱাৰীৰ ভিতৰত ঘটনা সন্দর্ভত প্রতিবেদন দিবলৈ নির্দেশ দিয়া হৈছিল৷

উল্লেখযোগ্য যে ৰাজনৈতিক প্রভাৱ আৰু ধনবলেৰে প্রভুত্ব বিস্তাৰ কৰা সুৰা মাফিয়াসকলে একাংশ আবকাৰী বিষয়াক হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হৈছে৷ এইসকল দুর্নীতিগ্রস্ত আবকাৰী বিষয়াই বিভাগীয় মন্ত্রীক পৰোৱাই নকৰে৷ আনকি খোদ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গঠন কৰি দিয়া বিশেষ তদাৰকী গোটেও (এছ আই টি) প্রতিবেদন দাখিল কৰিবলৈ সক্ষম নোহোৱাৰ আঁৰত প্রভাৱশালী সুৰা মাফিয়াৰ হাত আছে বুলি অভিযোগ উঠিছে৷ প্রণিধানযোগ্য যে বিগত কংগ্রেছ আমোলৰ সুৰা ছিণ্ডিকেট আৰু কোটি টকীয়া কেলেংকাৰি সন্দর্ভত ২০১৬ চনতে মুখ্যমন্ত্রী সোণোৱালে এছ আই টি গঠন কৰি দিছিল৷

উক্ত এছ আই টিৰো নেতৃত্বত আছিল অতিৰিক্ত আবকাৰী আয়ুক্ত সঞ্জীৱ মেধি৷ বিগত দুবছৰত এছ আই টিয়ে অন্তৱর্র্তীকালীন প্রতিবেদন দাখিল কৰে যদিও সম্পূর্ণ প্রতিবেদন দাখিল কৰিব নোৱাৰিলে৷ সেই সময়তো দুর্নীতিগ্রস্ত আবকাৰী বিষয়াসকলে সুৰা মাফিয়াসকলক ৰক্ষণাবেক্ষণ দিবলৈ আপ্রাণ চেষ্টা চলাইছিল৷ ইফালে তদন্ত কমিটীৰ দায়িত্ব অর্পণ কৰা সঞ্জীৱ মেধিয়ে কেইবাটাও গুৰুত্বপূর্ণ দায়িত্বত আছে৷

অতিৰিক্ত আবকাৰী আয়ুক্ত সঞ্জীৱ মেধি বামুণীমৈদামস্থিত ৰাসায়নিক বিশ্লেষণাগাৰৰো বিশ্লেষক হোৱাৰ উপৰি আবকাৰী চোৰাংচোৱা শাখাতো একেই পদত আছে৷ মাদকদ্রব্য নিবাৰণী পৰিষদৰো সদস্য সচিব সঞ্জীৱ মেধি এমাহ আগলৈ বি টি চি আবকাৰী বিভাগৰো মুৰববী আছিল৷ তিনি-চাৰিটা গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰি থকা অতিৰিক্ত আবকাৰী আয়ুক্ত সঞ্জীৰ মেধিয়ে সময়ৰ অভাৱত উজনি অসমৰ সুৰা ট্রেজেডিৰ তদন্ত প্রতিবেদন যুগুত কৰিব পৰা নাই নে দুর্নীতিগ্রস্ত, বিতর্কিত আবকাৰী বিষয়াই উচচপদস্থ আমোলাজনক বিপথে পৰিচালিত কৰিছে তাক লৈও প্রশ্ন উত্থাপন হৈছে৷

SPONSORED