গুৱাহাটী : অৱশেষত গা লৰিল ৰাজ্য চৰকাৰৰ৷ লালিগুৰ নিষিদ্ধ কৰিবলৈ আজি মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিছে৷ গোলাঘাট আৰু যোৰহাট জিলাত লালিগুৰৰ পৰা প্রস্তুত কৰা বিষাক্ত সুৰা সেৱনৰ পৰিণতিত বহু সংখ্যক লোকৰ মৃত্যু হোৱাৰ পাছত লালিগুৰ নিষিদ্ধ কৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী জনাইছিল৷
লালিগুৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈকো দাবী উত্থাপন কৰিছিল৷ আনকি আবকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যই ২৭ মার্চত মুখ্যমন্ত্রীলৈ পত্র প্রেৰণ কৰি লালিগুৰৰ বিক্রী আৰু মজুতকৰণ নিষিদ্ধৰ হকে ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছিল৷
আজি জনতা ভৱনত ৰাজ্যখনৰ চাহ বাগিচাসমূহৰ বিষয়ত অনুষ্ঠিত পর্যালোচনা বৈঠকত মুখ্যমন্ত্রীয়ে এই নির্দেশ দিয়ে৷ চাহ বাগিচা অধু্যষিত এলেকাসমূহৰ সংশ্লিষ্ট উপায়ুক্তসকলক অবৈধ সুৰাৰ ব্যৱহাৰ আৰু সেৱনৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে উপযুক্তভাৱে জনসচেতনতাৰ সৃষ্টিৰে এই দিশত কার্যকৰী পদক্ষেপ লোৱাৰ বাবেও নির্দেশ দিয়ে৷ ইফালে অবৈধ বিষাক্ত সুৰা সেৱনৰ ফলত যিসকল লোকৰ মৃত্যু হ’ল তেওঁলোকৰ ঘাট-মাউৰা শিশুসকলক জুভেনাইল জাষ্টিচ আইনৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা প্রতিপালনৰ ব্যৱস্থা লোৱা হ’ব৷