ববিতা শর্মা, শব্দ ৰাভা, আব্দুল খালেক, আবু তাহেৰ বেপাৰীক প্রার্থিত্ব প্রদান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, March 30, 2019

ববিতা শর্মা, শব্দ ৰাভা, আব্দুল খালেক, আবু তাহেৰ বেপাৰীক প্রার্থিত্ব প্রদান

অৱশেষত সকলো জল্পনা- কল্পনাৰ অন্ত পৰিল৷ এ আই ইউ ডি এফৰ সৈতে কংগ্রেছে গোপনে মিত্রতা কৰা বুলি সর্বত্র প্রচাৰিত হোৱাৰ সময়তে আজি কংগ্রেছে অসমৰ বাকী থকা চাৰিটা লোক সভা সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰিলে৷


সেই অনুসৰি বৰপেটাত আব্দুল খালেকক, ধুবুৰীত আবু তাহেৰ বেপাৰীক, কোকৰাঝাৰত শব্দ ৰাভাক আৰু গুৱাহাটী সমষ্টিত ববিতা শর্মাক দলীয় প্রার্থিত্ব প্রদান কৰা হৈছে৷ প্রণিধানযোগ্য যে তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব লগীয়া এই চাৰিটা লোক সভা সমষ্টিৰ প্রার্থী চূড়ান্ত কৰাক লৈ দলটোৰ মাজত সৃষ্টি হৈছিল তীব্র মতানৈক্য৷ যাৰ বাবে বিজেপিয়ে ৰাজ্যৰ সকলো সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰাৰ পাছতো কংগ্রেছে উক্ত চাৰিটা সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰিব পৰা নাছিল৷

প্রচাৰ চলিছিল যে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে কংগ্রেছে এক গোপন মিত্রতা স্থাপন কৰিছে৷ সেই মিত্রতা অনুসৰিয়েই এ আই ইউ ডি এফে ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জৰ বাহিৰে আন সমষ্টিত প্রার্থী থিয় নকৰায় আৰু কলিয়াবৰ, নগাঁও সমষ্টিত নিজৰ প্রার্থী জয়ী কৰোৱাৰ বাবে কংগ্রেছে বৰপেটা আৰু ধুবুৰীত দুর্বল প্রার্থীক প্রার্থিত্ব প্রদান কৰিব৷ পিছে আজি কংগ্রেছে যিখন প্রার্থিত্বৰ তালিকা প্রকাশ কৰিলে তাক লৈ এতিয়া বিভিন্ন প্রশ্নৰ উত্থাপন হৈছে৷

কিয়নো এ আই ইউ ডি এফে বিচৰা অনুসৰি উক্ত সমষ্টি দুটাত কংগ্রেছে দুর্বল প্রার্থীক দলীয় টিকট প্রদান কৰা নাই৷ বিশেষকৈ বৰপেটা সমষ্টিত প্রার্থিত্ব লাভ কৰা জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক এজন শক্তিশালী প্রার্থী হিচাপে পূর্বৰে পৰাই বিবেচিত হৈ আহিছে৷ অৱশ্যে ধুবুৰীত প্রাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়ে এ আই ইউ ডি এফৰ প্রার্থী বদৰুদ্দিন আজমলৰ লগত যুঁজ দিব পাৰিব নে নোৱাৰে তাক লৈ কিছু সন্দেহ আছে৷

এটা সূ৲ত্রৰ মতে, এটা সময়ত কংগ্রেছত বিসম্বাদ কৰা আবু তাহেৰ বেপাৰীক প্রার্থিত্ব প্রদান কৰি প্রকৃততে সমষ্টিটোত বদৰুদ্দিন আজমলক জয়ী কৰাৰ ক্ষেত্রত সুবিধাহে কৰি দিয়া হ’ল৷ একেদৰে কৰিমগঞ্জতো নাম নজনা এজন লোকক প্রার্থিত্ব দিয়া হৈছে৷ দুয়োটা সমষ্টিতে কংগ্রেছে দুর্বল লোকক প্রার্থিত্ব প্রদান কৰা বুলিও প্রকাশ কৰিছে সূত্রটোৱে৷

মন কৰিব লগীয়া কথা যে এ আই ইউ ডি এফৰ সৈতে হোৱা গোপন মিত্রতাক লৈ দলটোৰ ভিতৰচ’ৰাত তীব্র আলোড়নৰ সৃষ্টি হৈছিল৷ আনকি দলৰ বহুকেইজন জ্যেষ্ঠ নেতাই এই গোপন মিত্রতাক লৈ অসন্তুষ্টি ব্যক্ত কৰাই নহয় এজন নেতাই দলো ত্যাগ কৰিছিল৷ ইফালে কালি নতুন দিল্লীত অনুষ্ঠিত কংগ্রেছৰ নির্বাচনী কমিটীৰ বিশেষ বৈঠক এই গোপন মিত্রতাৰ সন্দর্ভত বিতংভাৱে আলোচনা কৰা হয়৷ ইয়াৰ পাছতেই আজি দলে প্রার্থীৰ নাম ঘোষণা কৰে৷

দলীয় সূত্রৰ মতে, কলিয়াবৰত গৌৰৱ গগৈক জয়ী কৰি অনাৰ স্বার্থতে মুখৰে এই মিত্রতাৰ বিৰোধিতা কৰিলেও প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনকে ধৰি দলৰ বহুকেইজন নেতাই এই গোপন মিত্রতাৰ পক্ষে থিয় দিছিল৷ কিন্তু প্রদেশ কংগ্রেছৰ একাংশ নেতাৰ লগতে দলৰ বহুকেইজন শীর্ষ নেতাই৻ এই গোপন মিত্রতাৰ তীব্র বিৰোধিতা কৰিছিল৷ সূত্রটোৰ দাবী এ আই ইউ ডি এফৰ সুবিধাৰ বাবেই ধুবুৰী আৰু বৰপেটাত এককভাৱেই কংগ্রেছক নির্বাচন খেলিবলৈ কংগ্রেছৰ সভাপতি ৰাহুল গান্ধীয়ে কঠোৰ নির্দেশ দিয়ে৷

আনকি গোপন মিত্রতা সন্দর্ভতো বিভিন্ন প্রশ্ন উত্থাপন কৰি ৰাহুল গান্ধীয়ে এ আই ইউডি এফৰ সৈতে কংগ্রেছৰ কোনো মিত্রতা নাই বুলি অসমৰ ৰাইজক বুজাবলৈ প্রদেশ কংগ্রেছক আহবান জনায়৷ ইফালে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই সাংবাদিকৰ আগত প্রকাশ কৰা মতে, কংগ্রেছে এ আই ইউ ডি এফৰ সৈতে কোনো ধৰণৰ গোপন মিত্রতা কৰা নাই৷ প্রতিটো সমষ্টিতে যোগ্য লোকক প্রার্থিত্ব প্রদান কৰিছে৷

আনহাতে বদৰুদ্দিন আজমলে নিজৰ স্বার্থ পূৰণৰ বাবে তিনিটা সমষ্টিতহে প্রার্থিত্ব দিছে বুলি জনাই বৰাই কয় যে নির্বাচনৰ সময়ত কংগ্রেছে এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰা বুলি বাতৰি ওলোৱাটো এতিয়া সাধাৰণ কথাত পৰিণত হৈছে৷ প্রতিটো নির্বাচনৰ সময়তে এনে বাতৰি বিজেপিয়ে প্রচাৰ কৰে৷ কিন্তু প্রকৃতার্থত কংগ্রেছে এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰাৰ কোনো প্রশ্নই আহিব নোৱাৰে৷

ইফালে প্রার্থিত্ব লাভ কৰিয়েই সাংবাদিকৰ আগত বিধায়ক আব্দুল খালেকে প্রকাশ কৰিছে যে বিজেপি আৰু এ আই ইউ ডি এফে চলাই থকা অপপ্রচাৰৰ আজি অন্ত পৰিল৷ কংগ্রেছে প্রতিটো সমষ্টিতে যোগ্য লোকক প্রার্থিত্ব প্রদান কৰি বুজাই দিলে বিজেপি আৰু এ আই ইউ ডি এফে কিদৰে নিজৰ ন্যস্ত স্বার্থ সিদ্ধি কৰিব খুজিছিল৷ মন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু আজমলক অপপ্রচাৰ বন্ধ কৰিবলৈ আহবান জনাই খালেকে কয় যে অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে এই দুয়োটা সম্প্রদায়িক দলৰ প্রকৃত চৰিত্র কি?

প্রার্থীৰ তালিকাত বিভ্রান্তি: আজি কংগ্রেছে ঘোষণা কৰা প্রথমখন তালিকাত ধুবুৰী সমষ্টিত আবু তাহেৰ আলী বেপাৰীক প্রার্থিত্ব প্রদান কৰা হৈছিল৷ কিন্তু খন্তেক পাছতেই কংগ্রেছে এই ঘোষণা কৰে যে ধুবুৰী সমষ্টিৰ নামৰ ক্ষেত্রত কিছু ভুল হৈছে৷ প্রকৃততে সমষ্টিটোত প্রার্থিত্ব লাভ কৰিছে আবু তাহেৰ বেপাৰীয়েহে৷ তেওঁ হৈছে দলৰ প্রাক্তন বিধায়ক৷

SPONSORED