গুৱাহাটী : গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ সম্পত্তি তালিকা। কুইন ওজাৰ মুঠ স্থাৱৰ-অস্থাৱৰ সম্পত্তি ৬৩,০২,১৯,৫৭০ টকা। হাতত জমা ধনৰ পৰিমাণ ৫,৮৬,০৯৩ টকা। বেংকত জমা আছে ৩,৯৩,৬৩,২৬৪ টকা। আনহাতে, স্বামীৰ নামত বেংকত জমা আছে ৪,১৯,২৮,৫০১ টকা। ওজাৰ মুঠ সম্পত্তি ৩২,৪৯,৮৭,৮০৫ টকা। স্বামীৰ নামত থকা সম্পত্তিৰ পৰিমাণ ২২,৩৯,৩৪,০০০ টকা। কুইন ওজাৰ নামত নাই কোনো বাহন। গুৱাহাটীৰ ৬টা স্থানত কুইন ওজাৰ নামত আছে মাটি। উলুবাৰীৰ চাৰিটাকৈ স্থানত, খানাপাৰা আৰু শ্ৰীমন্তপুৰত ওজাৰ নামত আছে মাটি। ২১,৭৫,১০০ টকা মূল্যৰ আ-অলংকাৰৰ আছে ওজাৰ নামত। উলুবাৰীৰ দুটাকৈ স্থানত আছে ব্যৱসায়িক প্ৰতিষ্ঠান।
একেদৰে কংগ্ৰেছৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ সম্পত্তিৰ তালিকা। ববিতা শৰ্মাৰ মুঠ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১৬,৪৩,৬৬,৮৫২ টকা। হাতত জমা আছে ২,৭৯,০৩৩ টকা, বেংকত জমা ৮৪,৯০,০৯৭ টকা। স্বামীৰ নামত আছে ২,২১,৩১,৬৮৫ টকা। ববিতা শৰ্মাৰ মাটি-বাৰীৰ নামত আছে ৬০,০০,০০০ টকা। স্বামীৰ নামত আছে ১৪,৩৬,৩১,৬৮৫ টকা। মুঠ ২৪,২১,৩৬০ টকা মূল্যৰ অলংকাৰ আছে ববিতা শৰ্মাৰ। স্বামী চিন্ময় শৰ্মাৰ নামত আছে অধিক আ-অলংকাৰ।