গুৱাহাটী: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৪৭৮ নম্বৰ লাভ কৰি দৰঙৰ ব্ৰিলিয়েন্ট একাডেমী জুনিয়ৰ কলেজৰ খুচবু ফিৰদৌচে প্ৰথম স্থান লাভ কৰিছে। ৪৭৫ নম্বৰ লৈ দ্বিতীয় স্থানত আছে যোৰহাটৰ প্ৰাগজ্যোতিষ জুনিয়ৰ কলেজৰ কৌশিক কছাৰী আৰু নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ গীতাঞ্জলি বৰঠাকুৰ।
একেদৰে ৪৭৪ নম্বৰসহ তৃতীয় স্থানত যোৰহাটৰ ক্ৰীচেন্ট জুনিয়ৰ কলেজৰ কন্যাশ্ৰী ভাগৱতী, ৪৭২ নম্বৰসহ দৰঙৰ ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজৰ জুপিতৰা শৰ্মাইচতুৰ্থ স্থান, ৪৭০ নম্বৰসহ বৰপেটাৰ কৃষ্ণগুৰু কনিষ্ঠ মহাবিদ্যালয়ৰ জগমোহন কলিতা আৰু তিনিচুকীয়াৰ আৰ ডি জুনিয়ৰ কলেজৰ শ্ৰুতি সোনোৱালে অসমৰ ভিতৰতেপঞ্চম স্থান লাভ কৰিছে।
৪৬৯ নম্বৰ লৈ যোৰহাটৰ ক্ৰিচেন্ট একাডেমীৰ শতাব্দী শইকীয়াই ষষ্ঠ স্থান, ৪৬৮ নম্বৰসহ একেখন শিক্ষানুষ্ঠানৰ চামিম চুলতানাই পঞ্চম স্থান, দৰঙৰ ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজৰ শ্ৰুতিস্মিতা বশিষ্ঠই ৪৬৭ নম্বৰসহ অষ্টম স্থান লাভ কৰিছে। ইফালে দৰঙৰ ব্ৰিলিয়েন্ট একাডেমীৰ দীপাংকৰ দাস, ধুবুৰীৰ বিদ্যাপাৰা লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মানিক ৰয়, গোলাঘাটৰ ফৰকাটিং কলেজৰ মনিশা বৰা, যোৰহাটৰ প্ৰাগজ্যোতিষা জুনিয়ৰ কলেজৰ অংশুমান গগৈ আৰু কামৰূপ গ্ৰাম্যৰ বেজেৰা আঞ্চলিক কলেজৰ মানসী দাসে ৪৬৬ নম্বৰ লৈ নৱম স্থান অধিকাৰ কৰিছে।
৪৬৪ নম্বৰসহ বৰপেটাৰ কৃষ্ণগুৰু কনিষ্ঠ মহাবিদ্যালয়ৰ কৃপাময় দাস, কামৰূপ মেট্ৰৰ অসম জাতীয় বিদ্যালয়ৰ গুঞ্জন দাস আৰু লক্ষীমপুৰৰ জেনিউচ একাডেমী জুনিয়ৰ কলেজৰ শিৱানী নাথে ৪৬৪ নম্বৰ লৈ দশম স্থান লাভ কৰিছে।