উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত স্থানপ্ৰাপ্ত শীৰ্ষ দহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 25, 2019

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত স্থানপ্ৰাপ্ত শীৰ্ষ দহ

গুৱাহাটী : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাত আজি ঘোষণা কৰা ফলাফলত কাছাৰৰ বিবেকানন্দ জুনিয়ৰ কলেজৰ ছাত্ৰ অসীম সৰকাৰে শীৰ্ষ প্ৰথম স্থান স্থান লাভ কৰি সমগ্ৰ বৰাক অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। কৃতি ছাত্ৰগৰাকীয়ে মুঠ ৪৭৪ নম্বৰ লাভ কৰিছে।


আনহাতে দ্বিতীয় স্থান প্ৰাপ্ত যোৰহাটৰ ক্ৰেচেণ্ট একাডেমীৰ নিবেদিতা গগৈ আৰু গুৱাহাটী কে চি দাস কমাৰ্চ কলেজৰ আয়সী জৈন ৪৬৮ নম্বৰ লাভ কৰিছে। গুৱাহাটী কমাৰ্চ কলেজৰ নেতা আগৰৱালাই ৪৬৬ নম্বৰ লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰিছে।একেদৰে গুৱাহাটী কমাৰ্চ কলেজৰ অৰুণাভ নাথে ৪৬১ নম্বৰসহ চতুৰ্থ স্থান, একেখন মহাবিদ্যালয়ৰে ৰাহুল ৰয়ে ৪৬০ নম্বৰসহ পঞ্চম স্থান লাভ কৰিছে।

নগাঁৱৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ তানিশা আলপুৰীয়া আৰু তিনিচুকীয়াৰ আৰ ডি জুনিয়ৰ কলেজৰ অংকুৰ বৰুৱাই ৪৫৯ নম্বৰসহ ষষ্ঠ স্থান দখল কৰে।গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ হানছিকা চাওলা, কৰিমগঞ্জ জুনিয়ৰ কলেজ অৱ চায়েন্সৰ হৰ্ষ গোলচ্চা আৰু নলবাৰী কমাৰ্চ কলেজৰ প্ৰতিভা বৈশ্যই ৪৫৮ নম্বৰ লৈ সপ্তম স্থান লাভ কৰিছে।

অষ্টম স্থান প্ৰাপ্ত কে চি দাস কমাৰ্চ কলেজৰ দিশা জৈন আৰু তিনিচুকীয়াৰ মাৰ্ঘেৰিটা কলেজৰ প্ৰিয়াংশু আগৰৱালাই ৪৫৭ নম্বৰ, নৱম স্থান প্ৰাপ্ত কাছাৰৰ বিবেকানন্দ জুনিয়ৰ কলেজৰ বৃন্দা ৰয় আৰু তিনিচুকীয়াৰ আৰ ডি জুনিয়ৰ কলেজৰ মিথিলেশ পি ডি শৰ্মাই ৪৫৫ নম্বৰ আৰু দশম স্থান প্ৰাপ্ত কে চি দাস কমাৰ্চ কলেজৰ মুস্কান পাশ্বিছিয়া, একেখন মহাবিদ্যালয়ৰে জাগ্ৰুতি চেঠিয়া আৰু ইছিকা আগৰৱালা ৪৫৪ নম্বৰ লাভ কৰিছে।

SPONSORED