পৰাজয় স্বীকাৰ কংগ্রেছ সভাপতি ৰাহুল গান্ধীৰ : পদত্যাগৰ প্ৰস্তাৱ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 24, 2019

পৰাজয় স্বীকাৰ কংগ্রেছ সভাপতি ৰাহুল গান্ধীৰ : পদত্যাগৰ প্ৰস্তাৱ

নতুন দিল্লী : লোক সভাৰ নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিছে কংগ্রেছৰ সভাপতি ৰাহুল গান্ধীয়ে। ইয়াত এখন সংবাদমেলত তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক লােক সভাৰ নির্বাচনত বিজেপি তথা এন ডি এৰ বিপুল জয়ৰ বাবে অভিনন্দন জনায় আৰু ইয়াৰ লগতে তেওঁ নিজৰ পৰাজয়াে স্বীকাৰ কৰে। তেওঁ আমেথিতাে পৰাজয় স্বীকাৰ কৰে। তেওঁ লােক সভাৰ নির্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি তেওঁৰ মাতৃ তথা ইউ পি এ-ৰ অধ্যক্ষা ছােনিয়া গান্ধীক পদত্যাগৰ প্ৰস্তাৱ দিয়ে। ছােনিয়া গান্ধীৰ লগতে দলটোৰ জ্যেষ্ঠ নেতাসকলে ৰাহুল গান্ধীক এইবুলি কয় যে তেওঁ এই বিষয়টো দলৰ মজিয়াত উত্থাপন কৰিব লাগে আৰু ইয়াক এতিয়াইৰাজহুৱা কৰিব নালাগে। ইয়াৰ পাছত গান্ধীয়ে নিজৰ প্ৰস্তাৱটো স্থগিত ৰাখে। কিন্তু অহা সপ্তাহত দলটোৰ পৰাজয়ৰ বিষয়ে আলােচনা কৰিবলৈ ৰাষ্ট্ৰীয় কার্যনির্বাহক বৈঠক আহবান কৰা হৈছে। এই বৈঠকত তেওঁ পদত্যাগৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে কংগ্ৰেছে তেওঁ পদত্যাগৰ প্ৰস্তাৱ দিয়াৰ বাতৰি অস্বীকাৰ কৰিছে।


ইফালে সংবাদমেলত গান্ধীয়ে কয় যে তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক অভিনন্দন জনাইছে। তেওঁ কয় যে জনসাধাৰণৰ সিদ্ধান্ত সর্বোচ্চ আৰু জনসাধাৰণে যি ৰায় দিছে, তাক তেওঁ মানি লৈছে। তেওঁ লগতে কয় যে কংগ্ৰেছৰ কৰ্মীসকলে সম্পূর্ণ শক্তিৰে নির্বাচনত পৰিশ্ৰম কৰিলে আৰু তাৰ বাবে তেওঁলােকৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰিছে।
ৰাহুল গান্ধীয়ে কয়, “আমাৰ আৰু নৰেন্দ্ৰ মােদীৰ মাজত আদৰ্শৰ যুঁজ হৈছে। নৰেন্দ্ৰ মােদীৰ চিন্তাধাৰা সুকীয়া আৰু আমাৰ ভাবধাৰা সুকীয়া। ভাবধাৰাৰ যুঁজত এইবাৰ মােদী-বিজেপিৰ জয় হৈছে। গতিকে তেওঁক অভিনন্দন জনাইছোঁ। তেওঁ কংগ্রেছৰ কৰ্মীসকলক কয় যে তেওঁলােক শংকিত হৈ পৰাৰ কোনাে কাৰণ নাই। কাকো ভয় কৰিব নালাগে। তেওঁ কয়, “আমি সকলােৱে মিলি ভাবাদর্শৰ যুঁজ দি যাম।

SPONSORED