খিতাপৰ যুঁজত প্রৱেশ মেৰীকম-যমুনা বড়াে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 24, 2019

খিতাপৰ যুঁজত প্রৱেশ মেৰীকম-যমুনা বড়াে

বিশ্ব চেম্পিয়ন ভাৰতৰ তাৰকা মহিলা বক্সাৰ এম চি মেৰীকমে। গুৱাহাটীৰ সৰুসজাইৰ কর্মবীৰ নবীন চন্দ্র বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত পূর্ণগতিত চলি থকা দ্বিতীয় ইণ্ডিয়া অপেন আন্তর্জাতিক বক্সিঙৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে।কালি অনুষ্ঠিত মহিলাৰ ৫১ কেজি শাখাৰ ছেমিফাইনেলত মেৰীকমে ভাৰতৰে তাৰকা বক্সাৰ নিখাত জাৰিণক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ যুঁজলৈ উন্নীত হয়।


আজি হ'বলগীয়া ফাইনেল মেচখনত মেৰীকমে ভাৰতৰে বানলাল ভৌটিৰে মুখামুখি হব। আন এখন ছেমিত ডৌটিয়ে ভাৰতৰ জ্যোতিক ৩-২ৰ ব্যৱধানত হৰুৱায়। ইফালে, অসমৰ যমুনা বড়ােৱে ফাইনেলত প্ৰৱেশ কৰি চমক সৃষ্টি কৰিছে। ৫৪ কিলােগ্রাম শাখাৰ ছেমিফাইনেলত অসম কন্যা। যমুনাই স্বদেশৰে সতীর্থ মীনা। কুমাৰীক ৫-০ৰ ব্যৱধানত শােচনীয়ভাৱে পৰাস্ত কৰে।
আনহাতে, ভাৰতৰ মণিকাই ৪৮ কিলােগ্রাম শাখাৰ ছেমিত দেশৰে মঞ্জু ৰাণীক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ উন্নীত হয়। ফাইনেলত মঞ্জু ৰাণীয়ে ফিলিপাইনছৰ গাবুক’ৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব।

SPONSORED