- বিজেপিৰ ভােটৰ অংশ ৩৮.৫% লৈ বৃদ্ধি
- একক বৃহৎ দল হিচাপে পুনৰ ক্ষমতা দখলেৰে নেহৰু-ইন্দিৰা গান্ধীৰ অভিলেখ স্পর্শ মােডীৰ
- কেৰালা-বংগ-ত্রিপুৰাত বাঁও দলৰ চৰম বিপর্যয় বিশাল বিজয়েৰে ক্ষমতালৈ বিজেপি
- গেৰুৱা দলক প্রতিহত কৰিবলৈ গৈ নিজেই বিধ্বস্ত কংগ্ৰেছঃ নিঃচিহ্ন মহাজোট
- উত্তৰ প্ৰদেশত অখিলেশ-মায়াৱতীক অস্তিত্বহীন কৰি গেৰুৱা লহৰ ৰাজস্থান-মধ্যপ্রদেশ-ছত্তীশগড়ত শাসক কংগ্ৰেছৰ মুখথেকেচা
- মােডীশ্বাহৰ গৃহ ৰাজ্যত বিজেপিৰ একাধিপত্য : এখনাে আসন নাপালে কংগ্ৰেছে
- বিহাৰত আৰ জে ডি-কংগ্ৰেছৰ প্ৰত্যাহ্বান ধূলিসাৎ কৰি বিজেপিৰ বিপুল বিজয়
- কর্ণাটকত বৃহৎ অঘটন -শাসক জে ডি(এছ)কংগ্ৰেছক গভীৰ সংকটলৈ ঠেলি বিজেপিৰ ছুইপ’
- বংগত অগ্নিকন্যা মমতাৰ দুৰ্গ ছেদেলি-ভেদেলি কৰি গেৰুৱা শক্তিৰ উত্থান
- তামিলনাডুত ডি এম কে সবল উত্থান
নতুন দিল্লী : কেন্দ্ৰত আকৌ এবাৰ মােডী চৰকাৰ। ৰাজনীতিত মহাছুনামিৰ সৃষ্টি কৰি দ্বিতীয়বাৰৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ প্রত্যাৱৰ্তন কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী নেতৃত্বৰ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা। ৭টা পর্যায়ৰ সপ্তদশ লােকসভা নির্বাচনৰ ৫৪৩ খন আসনৰ নির্বাচন। অনুষ্ঠিত ৫৪২ খন আসনৰ ভিতৰত বিজেপিয়ে অকলেই ৩০৩ আসনত বিজয় সাব্যস্ত কৰি অন্য এক বিৰল অভিলেখ ৰচনা কৰে। শিৱসেনা, সংযুক্ত জনতা দলকে ধৰি বিজেপিৰ মিত্র দলে লাভ কৰিছে অতিৰিক্ত ৪৯ খন আসন। মাজনিশাপর্যন্ত ফলাফল অনুসৰি বিজেপি নেতৃত্বৰ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাই লাভ কৰিছে ৩৫৪ খন আসন। বিজেপিৰ মিত্রদল শিৱসেনাই ১৮ খন, সংযুক্ত জনতা দলে ১৬ খন, লােক জনশক্তিয়ে ৬ খন, শিৰােমণি আকালি দলে ২ খন, এ ডি (এছ) দলে ২খন, এ পি পি, আৰ এল টি পি, এ আই এ ডি এম কে, এ জে এছ। ইউ আৰু এম এন এফে এখনকৈ আসনত জয়লাভ কৰি সপ্তদশ লােকসভাত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাক মহাশক্তিত পৰিণত কৰিছে। তাৰ বিপৰীতে মােডীৰ মহাছুনামিত তচনচ হৈ পৰে বিৰােধী শিবিৰ।
কংগ্ৰেছ নেতৃত্বৰ ইউ পি এ, মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ, চন্দ্রবাবু নাইডু, ফেডাৰেল ফ্রন্টৰ হােতা কে চন্দ্ৰশেখৰ ৰাওৰ ৰাজনৈতিক স্বপ্ন ধূলিসাৎ কৰি পেলায় ২০১৪ চনতকৈ তীব্ৰতাৰে বােৱা মােডী ঢৌৱে। বিজেপিবিৰােধী কংগ্ৰেছ শিবিৰৰ মাত্র ডি এম কে দলেহে প্রত্যাশা অনুসৰি ২৩ খন আসন লাভ কৰিবলৈ সমর্থ হয়। শেষ নিশাপর্যন্ত ইউ পি এৰ মৰ্চাৰ ভিতৰত কংগ্ৰেছে ৫১ খন, ডি এম কে ২৩, এন চি পিয়ে ৫, আই ইউ এম এলে তিনিখন, নেচনেল ফ্রন্টে ৩ খন, ঝাৰখণ্ড মুক্তি মৰ্চা, কে চি এম, ভি চি কে, আৰ এছ। পি আৰু জনতা দলে (এছ) এখনকৈ আসন লাভ কৰিবলৈ সমর্থ হয়। অর্থাৎ কংগ্ৰেছ নেতৃত্বৰ মৰ্চাই লাভ কৰে ৮৯ খন আসনহে। তাৰ বিপৰীতে অন্যান্য দলৰ ভিতৰত জগন মােহন ৰেড়ি নেতৃত্বাধীন যুৱজানা শ্রমিকা ৰিথু কংগ্ৰেছ পার্টিয়ে ২৪ খন, মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে ২২ খন, বিজু জনতা দলে ১৩ খন, বহুজন সমাজ পার্টিয়ে ১২ খন, তেলেংগানা ৰাষ্ট সমিতিয়ে ৮ খন, সমাজবাদী পাটিয়ে ৬ খন আৰু নির্দলীয়ই ৩ খন আসন লাভ কৰে।
চন্দ্রবাবু নাইডুৰ দলৰ লােকসভা-বিধানসভাত শােচনীয় পৰাজয় আৰু মমতা বেনাৰ্জীৰ দলৰ শক্তিক্ষয়ে নিস্তেজ কৰি পেলালে সমগ্র বিৰােধী শক্তিক লােকসভা নির্বাচনৰ সৈতে অনুষ্ঠিত চাৰি ৰাজ্য ক্রমে ছিকিম, অৰুণাচল প্রদেশ, অন্ধ্রপ্রদেশ আৰু ওড়িশাৰ বিধানসভা নির্বাচনতাে সংঘটিত হৈছে অঘটন। অন্ধ্রপ্রদেশৰ তেলুগু দেশম পাটিৰ শাসন ওফৰাই ৱাই এছ আৰ কংগ্ৰেছ, ছিকিমৰ দীর্ঘকালীন পৱন চামলিং নেতৃত্বাধীন ছিকিম ডেমক্রেটিক ফ্ৰণ্টৰ চৰকাৰৰ যৱনিকা পেলাই ছিকিম ক্রান্তিকাৰী মৰ্চা চৰকাৰৰ আগমন ঘটিছে। ওড়িশাত মুখ্যমন্ত্রী নবীন পাটনায়ক নেতৃত্বৰ বিজু জনতা দল আৰু অৰুণাচল প্রদেশত পেমা খাণ্ডু নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিপুল সংখ্যাগৰিষ্ঠতাৰ প্রত্যাৱর্তন ঘটিছে।
২০১৯ চনৰ সাধাৰণ নির্বাচনত প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী নেতৃত্বৰ এন ডি এৰ বিপুল বিজয়ৰ পাচত কাইলৈ কেন্দ্রীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকতে ৩ জুনত কার্যকাল অন্ত পৰিবলগা ষষ্ঠদশ লােকসভা ভংগৰ অনুমােদন জনাব প্রধানমন্ত্রী মােডীৰ। অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে। ৩ জুনৰ পূর্বে গঠন হ’ব সপ্তদশ লােকসভা বিজিত প্রার্থী তালিকা ৰাষ্ট্রপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি নির্বাচন আয়ােগৰ তিনি আয়ুক্তই দাখিল কৰাৰ পাচতে আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব পৰৱর্তী মােডী চৰকাৰ গঠনৰ প্রক্রিয়া।
উত্তৰ প্ৰদেশত বিজেপিৰ জয়জয়কাৰ, মহাজোট বন্ধন ব্যর্থ
ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশৰ ৮০ খন আসনৰ ফলাফলৰ প্রতি সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈছিল, কিয়নাে সমাজবাদী পার্টি, বহুজন সমাজ পার্টি, ৰাষ্ট্ৰীয় লােকদলৰ মহাজোট বন্ধনে বিজেপিক প্রত্যাহ্বান জনােৱাটো নিশ্চিত হৈছিল। আনকি কেইবাটাও এগজিট প’লত মহাজোট বন্ধনক অধিক আসন দিয়া হৈছিল যদিও তাৰ ফলাফল ২৩ মে’ৰ বিয়লি বিপৰীত দেখা গ'ল। এই নির্বাচনত মায়াৱতী-অখিলেশৰ ব্যর্থতাই প্রকৃততে সলাই পেলায় দেশৰ ৰাজনৈতিক দৃশ্যপটেই। উত্তৰ প্ৰদেশৰ ৮০ খন লােকসভা আসনৰ ভিতৰত সমাজবাদী পার্টিয়ে মাত্র ৫ খন আসন আৰু বহুজন সমাজবাদীয়ে ১০ খন আসনহে লাভ কৰিবলৈ সমর্থ হয়। তাৰ বিপৰীতে বিজেপিয়ে ৬২ খন, আপনা দলে (ছােনিলাল) দুখন আৰু কংগ্ৰেছে এখন আসনতহে সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়। উত্তৰ প্ৰদেশত বিজেপিৰ বিজয়ী প্রার্থীসকলৰ ভিতৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী (বাৰানসী), মানেকা গান্ধী, বৰুণ গান্ধী, ৰীতা বহুগুণ যােশী, স্মৃতি ইৰাণী (আমেথি), সত্যপাল সিং (বাঘপট) আদি অন্যতম।
মধ্যপ্রদেশ, ৰাজস্থান, ছত্তীশগড়ত বিজেপিৰ জয়জয়কাৰ
কেইমাহ আগতে বিজেপিক পৰাভূত কৰি ক্ষমতাত অধিষ্ঠিত হােৱা মধ্যপ্রদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছৰ অভাৱনীয় বিপর্যয় ঘটিল লােকসভা নির্বাচনত। মধ্যপ্রদেশৰ ২৯ খন আসনৰ ২৮ খন বিজেপি আৰু মাত্র এখন আসনত কংগ্ৰেছে সফলতা দেখিবলৈ সক্ষম হয়। ইপিনে ছত্তীশগড়ৰ ১১ খন আসনৰ ৯ খনত বিজেপি, দুখনত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে আন এখন কংগ্রেছশাসিত ৰাজ্য ৰাজস্থান। ২৫ খন আসনৰ ২৪ খনতে বিজেপি আৰু এখনত ৰাষ্ট্ৰীয় লােকতান্ত্রিক পাটিয়ে বিজয় সাব্যস্ত কৰে।
অক্ষত নাথাকিল মমতাৰ দুৰ্গ : বংগত উৎশাত বাওঁমর্চা
সপ্তদশ লােকসভা নির্বাচনত বাওঁমৰ্চাৰ শােচনীয় ব্যর্থতা এক উল্লেখনীয় দিশ হৈ ৰ'ব। বাওঁমৰ্চাৰ একালৰ দুর্ভেদ্য দুর্গ বুলি পৰিচিত ত্ৰিপুৰা, পশ্চিমবংগ আৰু কেৰালাত এইবেলিৰ লােকসভা নির্বাচনত উৎখাত হৈছে বাওঁমর্চা। তিনি ৰাজ্যৰ বাহিৰৰ বিহাৰৰ বেগুচৰাই সমষ্টিত চি পি আই প্রার্থী কানহাইয়া কুমাৰে তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও তেওঁ বিজেপি প্রার্থী তথা কেন্দ্রীয় মন্ত্রী গিৰিৰাজ সিঙৰ হাতত পৰাস্ত হৈছে। ৩৪ বছৰ ধৰি পশ্চিমবংগত ২০১৯ চনৰ লােকসভা নির্বাচনত বাওঁমর্চাই এখনাে আসন লাভ কৰিব নােৱৰাটো লক্ষণীয়। ইপিনে অক্ষত নাথাকিল একালৰ বাওঁ দুর্গ দখলকাৰী মমতা বেনাৰ্জীৰ পশ্চিমবংগত। ৰাজ্যৰ ৪২ খন আসনৰ ভিতৰত মমতাৰ দল তৃণমূল কংগ্ৰেছে ২২ খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হয়। ২০১৪ চনৰ নির্বাচনত দলটোৱে লাভ কৰিছিল ৩৪ খন আসন। তাৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ দুৰ্গ কঁপাই বিজেপিয়ে ১৮ খন। আসন লাভৰ দিশত গতি কৰিছে।
গুজৰাটৰ ২৬ খনতে বিজয়ী বিজেপি
প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী আৰু বিজেপি সভাপতি অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটত বিজেপিয়ে ২৬ খন আসনৰ আটাইকেইখনতে বিজয় সাব্যস্ত কৰি অভিলেখ ৰচনা কৰিছে। গুজৰাটত লক্ষণীয়ভাৱে এখনাে আসন লাভ কৰিব নােৱাৰিলে বিৰােধী কংগ্ৰেছে। বিজেপি সভাপতি অমিত শ্বাহে গান্ধীনগৰ সমষ্টিত ৫ লাখ ৫৫ হেজাৰ ৮৪৩ টা ভােটৰ ব্যৱধানত কংগ্ৰেছ প্রার্থী চি জে চাভজীক পৰাস্ত কৰে। বিজেপিয়ে ২০১৪ চনত লাভ কৰা ৫৯ শতাংশ ভােটাংশৰ বিপৰীতে ২০১৯ চনৰ নিৰ্বাচনত ৬২ শতাংশ ভােট লাভ কৰিবলৈ সক্ষম হয়। কংগ্ৰেছে ৩৩ শতাংশ ভােট লাভ কৰিছে।
তামিলনাড়ুত ডি এম কে উত্থান : ব্যর্থ বিজেপি-এ আই এ ডি এমকে জোট
তামিলনাড়ুত ৩৯ খন আসনৰ ভিতৰত অধিকাংশই লাভ কৰিছে এম কে ষ্টেলিন নেতৃত্বাধীন ডি এম কে দল। নির্বাচন অনুষ্ঠিত ৩৮ খন আসনৰ ভিত ২৩ খন ডি এম কে, সহযােগী কংগ্ৰেছে ৮ আসন লাভৰ দিশে আগবাঢ়িছে। এ আই এ ডি এম কে দলে মাত্ৰ এখনতহে সফলতা দেখিবলৈ সক্ষম হৈছে। তামিলনাড়ত বিজেপি-এ আই এ ডি এম কে জোঁটে লােকসভা নির্বাচনত মুখথেকেচা খালেও বিধানসভাৰ। ২২ খন আসনৰ উপ-নির্বাচনত ৯ খনত বিজয় সাব্যস্ত কৰে।
মেঘালয়ত সমান সমান এন পি পি-কংগ্রেছ
মেঘালয়ৰ দুখন লােকসভা আসনৰ শ্বিলং লােকসভা আসনত কংগ্ৰেছ প্রার্থী ভিনচেন্ট এইজ পালাই ইউ ডি পি প্রার্থী জে মাউথক ১,৫২,৪৩৩ টা ভােটত আৰু তুৰা লােকসভা সমষ্টিত প্রাক্তন কেন্দ্রীয় মন্ত্রী আগাথা চাংমাই ৰাজ্যখনৰ প্রাক্তন মুখ্যমন্ত্রী। তথা কংগ্ৰেছ প্রার্থী ডাঃ মুকুল চাংমাক ৬৩,৭৭২ টা ভােটত পৰাস্ত কৰে। ইপিনে ৰাজ্যখনৰ বিধানসভাৰ এখন আসনত হােৱা উপ-নির্বাচনত বিজয় সাব্যস্ত কৰে শাসনাধিষ্ঠিত এন পি পি প্রার্থীয়ে। চেলচেলা সমষ্টিত এন পি পি প্রার্থীগৰাকীৰ বিজয়ৰ লগে লগে ৬০ জনীয়া মেঘালয় বিধানসভাত দলটো ২১ খন আসনেৰে বৃহত্তম দলত পৰিণত হয়।
ত্ৰিপুৰাৰ দুয়ােখন আসনতে বিজেপিৰ জয়
একালৰ বাওঁ দুর্গ ত্ৰিপুৰাৰ দুয়ােখন লােকসভা আসনত ৰাজ্যখনৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পার্টি প্রার্থীদ্বয়ৰ বিপুল জয় সাব্যস্ত হয়। পশ্চিম ত্ৰিপুৰা লােকসভা সমষ্টিত বিজেপিৰ প্রতিমা ভৌমিকে কংগ্ৰেছৰ সুবল ভৌমিক পৰাস্ত কৰে। বিজেপি প্রার্থীগৰাকীয়ে লাভ কৰা ৭,২৯,১৯৫ টা ভােটৰ বিপৰীতে কংগ্ৰেছৰ প্রার্থীগৰাকীয়ে লাভ কৰে ২,৫৩,০০০ টা ভােট। আনহাতে পূর্ব ত্ৰিপুৰা সমষ্টিত বিজেপি ৰেৱতীমােহন ত্ৰিপুৰা বিজয়ী হয়। বিজেপি প্রার্থীগৰাকীয়ে লাভ কৰা ৪,৬৪,৬৬৪ টা ভােটৰ বিপৰীতে চি পি এমৰ প্রার্থী জিতেন্দ্র চৌধুৰীয়ে ১,৯৭,৪০০ টা ভােট লাভ কৰিবলৈ সক্ষম হয়৷
কর্ণাটকত অঘটন : প্রাক্তন প্রধানমন্ত্রী দেৱেগৌড়া, জ্যেষ্ঠ কংগ্ৰেছ নেতা খার্গে পৰাস্ত
দক্ষিণৰ একমাত্ৰ কৰ্ণাটকত অভাবনীয় সাফল্য লাভ কৰে ভাৰতীয় জনতা পার্টিয়ে। ৰাজ্যখনৰ ২৮ খন লােকসভা আসনৰ ২৫ আসনতে বিজেপি প্রার্থী বিপুল ভােটত জয়লাভ কৰে। কর্ণাটকত শােচনীয়ভাৱে ব্যৰ্থ হৈছে ৰাজ্যখনৰ শাসনাধিষ্ঠিত জনতা দল (এছ) কংগ্রেছ মৰ্চা। ঘােষিত ফলাফলত প্রায় উৎখাত হৈছে প্রাক্তন প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়াৰ পৰিয়ালৰ কেইবাজনাে প্রার্থী। স্বয়ং প্রাক্তন প্রধানমন্ত্রী গৌড়াই টুমকুৰ লােকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ জি এছ বাসৱৰাজৰ হাতত ১৩,৩৩৯ টা ভােটত পৰাজয়ৰ মুখ দেখিবলগীয়া হয়। কর্ণাটকত শােচনীয়ভাৱে পৰাস্ত হয় কংগ্ৰেছৰ ৰাষ্ট্রীয় নেতা, কংগ্ৰেছৰ লােকসভাৰ দলপতি মল্লিকার্জুন খার্গেই। গুলবার্গ সমষ্টিত বিজেপিৰ ড° উমেশ জি যাদৱে ৯৫,৪৫২ টা ভােটত পৰাস্ত কৰে। একেদৰে কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ নেতা এম বীৰাপ্পা মৈলীক বিজেপিৰ বি এন বাছে গৌড়াই এক লাখ ৮২হেজাৰ ভােটৰ ব্যৱধানত পৰাজিত কৰে।
দিল্লীত শােচনীয়ভাৱে ব্যর্থ আম আদমি পার্টি
দিল্লী বিধানসভা দখলত থাকিলেও দিল্লীৰ সাতখন লােকসভা আসনতে শােচনীয় পৰাজয় ঘটে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বৰ আম আদমি পার্টিৰ। উত্তৰ-পূব দিল্লী সমষ্টিত কংগ্ৰেছ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী শীলা দীক্ষিতক বিজেপিৰ মনােজ তিৱাৰীয়ে, চান্দনী চ'কত কেন্দ্রীয় মন্ত্রী হর্ষবর্ধনে কংগ্রেছৰ জে পি আগৰৱালক, বিজেপি প্রার্থী হংসৰাজ হংসই আম আদমি পার্টিৰ গগন সিঙক উত্তৰ-পশ্চিম দিল্লীত, দক্ষিণ দিল্লীত বিজেপিৰ ৰমেশ ভিদুৰীয়ে আপৰ ৰাঘৱ চার্ধক পূর্ব দিল্লীৰ বিজেপি প্রার্থী তথা প্রাক্তন ক্রিকেটাৰ গৌতম গম্ভীৰে কংগ্ৰেছৰ অৰবিন্দ সিং নাগভিক নতুন দিল্লী সমষ্টিত বিজেপিৰ মুখপাত্র মীনাক্ষি লেখীয়ে কংগ্ৰেছৰ অজয় মাকেনক পশ্চিম দিল্লী সমষ্টিত বিজেপি প্রার্থী তথা প্রাক্তন মুখ্যমন্ত্রী চাহিব সিং বাৰ্মাৰ পুত্ৰ পাৰভেজ চাহিব সিং বার্মাই কংগ্ৰেছৰ মহাবল মিশ্ৰক পৰাস্ত কৰে। দিল্লীত বিজেপিয়ে লােকসভা নির্বাচনত লাভ কৰা ৫৬.৫৬ শতাংশ ভােটৰ বিপৰীতে আম আদমি পার্টিয়ে লাভ কৰে ১৮.১১ শতাংশ ভােট।
উত্তৰাখণ্ড, হিমাচলত বিজয় জয়যাত্রা
দুই পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড আৰু হিমাচল প্রদেশত বিজেপি বিপুল বিজয় ঘটিছে। উত্তৰাখণ্ডৰ পাঁচখন লােকসভা আসনৰ ভিতৰত আটাইকেইখনতে বিজেপি প্রার্থীয়ে জয়লাভ কৰিছে। একেদৰে হিমাচল প্রদেশৰ চাৰিখন লােকসভা আসনৰ ভিতৰত চাৰিখনতে বিজেপি প্রার্থীয়ে বিজয় সাব্যস্ত কৰিছে।
বিহাৰত ব্যর্থ বিজেপি বিৰােধী মৰ্চা
ৰাষ্ট্ৰীয় জনতা দল নেতৃত্বাধীন বিহাৰৰ মহাজোট এইবাৰৰ লােকসভা নির্বাচনত শােচনীয়ভাৱে ব্যর্থ হ'ল। তাৰ বিপৰীতে সবল উত্থান ঘটিল জনতা দল (ইউ) নেতৃত্ব মিত্রজোট। মিত্রজোটৰ বিজেপিয়ে বিহাৰৰ ৪০ খন আসনৰ ভিতৰত ১৭ খন, জনতা দলে (সংযুক্ত) ১৬ খন, লােক জন শক্তিয়ে ৬খনত বিজয় সাব্যস্ত কৰে। কংগ্ৰেছে এখন আসনত জয়লাভ কৰিলেও কোনাে এখন আসন লাভ কৰিবলৈ সক্ষম নহ'ল ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি)। ইপিনে চুবুৰীয়া ঝাৰখণ্ডৰ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে ১১ খন, মিত্রদল এ জে ইছ ইউৱে এখনত, কংগ্ৰেছে এখনত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই এখনত শেষ মুহুর্তপর্যন্ত অগ্রগতি লাভ কৰিছে।
পঞ্জাবত অক্ষুন্ন কংগ্রেছৰ প্রভুত্ব
হাৰিয়ানা-চণ্ডীগড়ত বিজেপি। কংগ্ৰেছশাসিত পঞ্জাবত প্রভুত্ব অক্ষুন্ন ৰাখিবলৈ সমৰ্থ হ'ল কংগ্ৰেছে। মুখ্যমন্ত্রী কেপ্টেইন অমৰিন্দৰ সিঙৰ নেতৃত্বত কংগ্ৰেছে ৰাজ্যখনৰ তেখন আসনৰ ভিতৰত আঠখনত বিজয় সাব্যস্ত কৰে। তাৰ বিপৰীতে শিৰােমণি আকালি দলে দুখন, বিজেপিয়ে দুখন আৰু আম আদমি পার্টিয়ে এখনতহে সফলতা লাভ কৰে। ইপিনে কাষৰীয়া হাৰিয়ানাৰ দহখন আসনৰ আটাইকেইখনতে বিজেপিয়ে আৰু কেন্দ্রীয় শাসিত চণ্ডীগড়ৰ একমাত্র আসনখনত বিজেপিৰ কিৰণ খেৰে জয়লাভ কৰে।
ইন্দিৰা গান্ধীৰ অভিলেখ স্পর্শ প্রধানমন্ত্রী মােডীৰ
একক সংখ্যাগৰিষ্ঠতালৈ ক্রমাগত দ্বিতীয়বাৰৰ ক্ষমতাত অধিষ্ঠিত অকংগ্ৰেছী চৰকাৰ গঠনৰ বিৰল অভিলেখ ৰচনা কৰে নৰেন্দ্ৰ মােডীয়ে। ইয়াৰ পূর্বে চৰকাৰ গঠনৰ মেজিত সংখ্যা লাভ কৰি ক্রমাগতভাৱে চৰকাৰ গঠন কৰিছিল দুই প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে। জৱাহললাল নেহৰুৱে তিনিবাৰকৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰাৰ বিপৰীতে প্রাক্তন প্রধানমন্ত্রী ইন্দি গান্ধীয়ে ১৯৬৭ আৰু ১৯৭২ চনৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতালৈ চৰকাৰ গঠন কৰিছিল।
এন ডি এৰ ৪৫ শতাংশ : বিজেপিৰ ভােটৰ অংশ ৩৮.৫ শতাংশলৈ বৃদ্ধি
সপ্তদশ লােকসভা নির্বাচনত লক্ষণীয়ভাৱে বৃদ্ধি ঘটিছে বিজেপি। নেতৃত্বৰ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ ভােটৰ অংশ। ১৯৮০ চনত বিজেপিৰ আনুষ্ঠানিক আত্মপ্রকাশৰ পিচত এইবাৰৰ নির্বাচনতে বিজেপিয়ে সর্বাধিক ভােটৰ অংশ লাভ কৰে। ২০১৯ চনত বিজেপিয়ে অকলে ৩৮,৫ শতাংশ ভােট লাভ কৰে। ১৯৮৪ চনৰ লােকসভা নির্বাচনত মাত্র ৭.৭৪ শতাংশ লাভ কৰা বিজেপিয়ে ২০১৯ চনত ৩৮.৫ শতাংশ ভােটৰ অংশ বৃদ্ধি কৰিবলৈ সক্ষম হয়। বিজেপিৰ উত্থানৰ বিপৰীতে অভাৱনীয়ভাৱে ভিত্তি হেৰুৱাইছে দেশৰ প্রাচীনতম ৰাজনৈতিক দল কংগ্ৰেছে। অৱশ্যে ২০১৪ চনৰ তুলনাত কংগ্ৰেছৰ ভােটৰ হাৰ সামান্য বৃদ্ধি ঘটিছে। ২০১৪ চনত কংগ্ৰেছে ১৯.৫২ শতাংশ ভােট লাভ কৰাৰ বিপৰীতে এইবেলি কংগ্ৰেছে ২২.০৭ শতাংশ ভােট লাভ কৰে। ২০০৪ চনত কংগ্ৰেছে লাভ কৰিছিল ২৬.৭১ শতাংশ ভােট। ২০১৯ চনৰ নিৰ্বাচনত বিজেপি আৰু মিত্র বাহিনীৰ অকল আখন বৃদ্ধি বা ভােটৰ অংশই বৃদ্ধি ঘটা নাই, নতুন নতুন এলেকাত বিজয় সাব্যস্ত হৈছে বিজেপি-মিত্রদলৰ। অৱশ্যে কেৰালা, তামিলনাড়ু আৰু অন্ধ্রপ্রদেশত গেৰুৱা বাহিনীয়ে আশানুৰূপ ফল দেখুৱাবলৈ সক্ষম নহ’ল। তাৰ বিপৰীতে হিমাচল প্রদেশ, অৰুণাচল প্রদেশ, বিহাৰ, মধ্যপ্রদেশ, ৰাজস্থানকে ধৰি সােতৰখন ৰাজ্যত বিজেপিয়ে পঞ্চাশ শতাংশৰ অধিক ভােট লাভ কৰে ২০১৯ চনৰ নিৰ্বাচনত।