আজিৰে পৰা নৱনিৰ্বাচিত লোকসভাৰ প্ৰথমখন অধিৱেশন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 17, 2019

আজিৰে পৰা নৱনিৰ্বাচিত লোকসভাৰ প্ৰথমখন অধিৱেশন

সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পিছত ৫ জুলাইত নতুন চৰকাৰে দাখিল কৰিব প্ৰথমখন বাজেট। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিব বাজেট

নতুন দিল্লী : নৱনিৰ্বাচিত লোকসভাৰ প্ৰথম অধিৱেশন আজিৰে পৰা আৰম্ভ হ’ব। অধিৱেশন আৰম্ভ হোৱাৰ লগতে সাংসদসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ’ব। এই অধিৱেশনত কোনো আলোচনা নহয়। দশকজুৰি লোকসভা বা ৰাজ্যসভাত আসন দখল কৰা কেইবাজনো নেতাক এইবাৰ দেখা নাযাব সংসদৰ মজিয়াত। সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ অহা বিজেপিৰ বহু ৰথী–মহাৰথীকো এইবাৰ দেখা নাযাব সংসদত।


বিজেপিৰ ৰথী–মহাৰথীসকলৰ ভিতৰত লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী আৰু সুষমা স্বৰাজ এইবাৰ নাথাকিব সংসদত। তিনিওগৰাকীয়ে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। ইয়াৰ লগতে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সুমিত্ৰা মহাজন আৰু উমা ভাৰতীও নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাত এইবাৰ দেখা নাযাব সংসদত। ইফালে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ ফলত নাথাকিব সংসদত। ইয়াৰ উপৰি সংসদত আসন হেৰুৱালে জ্যোতিৰাদিত্য সিন্ধিয়াই। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰো ৰাজ্যসভাৰ কাৰ্যকাল সমাপ্ত হ’ব। লোকসভা নিৰ্বাচনত পৰাজয়বৰণ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়ায়ো।

সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পিছত ৫ জুলাইত নতুন চৰকাৰে দাখিল কৰিব প্ৰথমখন বাজেট। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিব বাজেট।

SPONSORED