পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপত ভাৰতৰ সৰ্ববৃহৎ জয় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 17, 2019

পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপত ভাৰতৰ সৰ্ববৃহৎ জয়

টছত হাৰি বেটিং কৰা ভাৰতে ৰোহিত শৰ্মাৰ ১৪০ ৰানৰ উপৰি কে এল ৰাহুলৰ ৫৭ তথা কোহলীৰ ৭৭ ৰানৰ সহায়ত ৫০ অভাৰত সংগ্ৰহ কৰে ৩৩৬ ৰান

ৱেব ক্ৰীড়া সংবাদ : চলিত বিশ্বকাপৰ হাইভ’ল্টেজ মেচত দেওবাৰে কোহলী বাহিনীয়ে ৮৯ ৰানত পৰাজিত কৰিলে চিৰবৈৰী পাকিস্তানক। এয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সৰ্ববৃহৎ জয়। ইয়াৰ পূৰ্বে ২০১৫ চনত এডিলেইডত ৭৬ ৰানত পৰাস্ত কৰিছিল চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক। 


এই পৰাজয়ে থানবান কৰিলে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ প্ৰথম জয়ৰ সপোন। ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়ালৈ বিশ্বকাপত ৭খন মেচ অনুষ্ঠিত হৈছে আৰু আটাইকেইখনতে ভাৰতে পাকিস্তানক পৰাস্ত কৰিছে। দেওবাৰে মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফাৰ্ড খেলপথাৰত অনুষ্ঠিত খেলখনৰ সিদ্ধান্ত ডাৰ্কৱৰ্থ–লুইছ নিয়মৰ আধাৰত হয়।

টছত হাৰি বেটিং কৰা ভাৰতে ৰোহিত শৰ্মাৰ ১৪০ ৰানৰ উপৰি কে এল ৰাহুলৰ ৫৭ তথা কোহলীৰ ৭৭ ৰানৰ সহায়ত ৫০ অভাৰত সংগ্ৰহ কৰে ৩৩৬ ৰান। প্ৰত্যুত্তৰত পাকিস্তানে ৪০ অভাৰত ৬ উইকেট হেৰুৱাই ২১২ ৰান সংগ্ৰহ কৰে। তৃতীয়বাৰ বৰষুণ হোৱাৰ পিছত পাকিস্তানক ৪০ অভাৰত ৩০২ ৰান লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল।

পাকিস্তানৰ হৈ ফকৰ জামানে সৰ্বাধিক ৬২ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱ, বিজয় শংকৰ আরু হাৰ্দিক পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে।

SPONSORED