গুৱাহাটীত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ উদ্যোগত ৰক্তদান শিবিৰ সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 17, 2019

গুৱাহাটীত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ উদ্যোগত ৰক্তদান শিবিৰ সম্পন্ন

গুৱাহাটী : গুৱাহাটীৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ উদ্যোগত অলপতে এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড ট্যুৰিজম কৰ্প’ৰেশ্যন (গুৱাহাটী)ৰ সহযোগত প্ৰতিষ্ঠানটোৰেই গুৱাহাটীৰ আমবাৰীস্থিত কাৰ্যালয় চৌহদত অনুষ্ঠিত এই ৰক্তদান শিবিৰত প্ৰতিষ্ঠানটোৰ প্ৰায় ৫০ গৰাকী কৰ্মীয়ে ৰক্তদান কৰে। উল্লেক্য যে বিশ্ব ৰক্তদান দিৱসৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।


ৰক্তদানৰ মহত্ব, গুৰুত্ব তথা এই কাৰ্যৰ দ্বাৰা ৰক্তদাঁতাই যে আনৰ জীৱন ৰক্ষা কৰাৰ লগতে নিজৰ স্বাস্থ্যকো সুস্থ কৰি ৰাখিব পাৰি তাৰেই সজাগতা ৰখাৰ উদ্দেশ্যে এই ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। নাৰায়া পাৰস্পেচিয়েলিটি হাস্পতালৰ এই উদ্যোগ সন্দৰ্ভত চিকিৎসালয়খনৰ ব্লাড বেংকৰ মূৰব্বী ডাঃ হীৰকজ্যোতি ডেকাই কয়, “সুৰক্ষিত ৰক্তৰ অভাৱ বা প্ৰয়োজনীয়তা সদায়েই থাকে, আৰু এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনে পৰ্কদান শিবিৰ সঘনাই হোৱা উচিত। যিহেতু এই কাৰ্য এক মহান কাৰ্য গতিকে সকলোৱেই ইয়াৰ বাবে আগুৱাই আহিব লাগে আৰু নিয়মিত সময়ৰ মূৰে মূৰে ৰক্তদান কৰিব লাগে।

SPONSORED