ভাৰতে গঢ়িলে ১০টা অভিলেখ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 17, 2019

ভাৰতে গঢ়িলে ১০টা অভিলেখ

ভাৰত–পাকিস্তানৰ খেলত সদায় সৃষ্টি হয় শ্বাসৰুদ্ধকৰ পৰিৱেশ। চলিত বিশ্বকাপত দেওবাৰে মানচেষ্টাৰত অনুষ্ঠিত খেলত ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাজিত হয় চিৰবৈৰী পাকিস্তান। বিশ্বকাপৰ চতুৰ্থখন খেলত ভাৰতে পাকিস্তানক ডাৰ্কৱৰ্থ–লুইছ পদ্ধতিৰে ৮৯ ৰানত পৰাস্ত কৰে। এই খেলখনতে ভাৰতে গঢ়িলে কেইবাটাও অভিলেখ।


কি অভিলেখ সৃষ্টি হ’ল এই খেলত-
১. মহেন্দ্ৰ সিং ধোনীয়ে পাকিস্তানৰ বিৰুদ্ধে ৩৪১সংখ্যক এদিনীয়া খেলি ভাৰতৰ হৈ সৰ্বাধিক মেচ খেলা ৰাহুল দ্ৰাবিড়ক পিছ পেলালে। ৰাহুল দ্ৰাবিড়ে ৩৪০খন এদিনীয়া মেচ খেলিছে। ধোনীতকৈ আগত আছে কেৱল শচীন তেণ্ডুলকাৰ।

২. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মহেন্দ্ৰ সিং ধোনীৰ ৩৫৫টা ছিক্সাৰৰ অভিলেখ ভংগ কৰিলে ৰোহিত শৰ্মাই। এতিয়ালৈ ৰোহিত শৰ্মাই কোবালে ৩৫৮টা ছয়।

৩. বিশ্বকাপত পাকিস্তান দলক পৰাস্ত কৰাৰ ভাৰতৰ অভিলেখ অব্যাহত থাকিল। বিশ্বকাপত সপ্তমবাৰৰ বাবে পাকিস্তানক পৰাস্ত কৰিলে ভাৰতে।

৪. ২০ বছৰ পূৰ্বেও ভাৰতীয় দলে পাকিস্তানক এই খেলপথাৰত পৰাস্ত কৰিছিল। ১৯৯৯ৰ বিশ্বকাত এই খেলপথাৰতে পাকিস্তানক পৰাস্ত কৰিছিল ৪৩ ৰানত। দ্বিতীয়বাৰলৈ পাকিস্তানক একেখন খেলপথাৰত পৰাস্ত কৰে ভাৰতে।

৫. বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচত সৰ্বাধিক ৰানৰ অভিলেখ। ইয়াৰ পূৰ্বে ২০১৫ চনৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সংগ্ৰহ কৰিছিল ৩০০ ৰান।

৬. বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে শতৰান অৰ্জন কৰা দ্বিতীয় ভাৰতীয় খেলুৱৈৰূপে পৰিগণিত হ’ল ৰোহিত শৰ্মা। ইয়াৰ পূৰ্বে ‘ৰান মেচিন’ বিৰাট কোহলীয়ে ২০১৫ চনত এডিলেইডত পাকিস্তানৰ বিৰুদ্ধে কৰিছিল ১০৭ ৰান।

৭. বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অপেনিং যুটীৰ সৰ্বাধিক ৰান। দেওবাৰৰ খেলত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ যুটীয়ে সংগ্ৰহ কৰিছিল ১৩৬ ৰান।

৮. পাকিস্তানৰ বিৰুদ্ধে অভিলেখ গঢ়িলে অলৰাউণ্ডাৰ বিজয় শংকৰে। বিশ্বকাপত প্ৰথমখন মেচৰ প্ৰথমটো বলতে বিজয় শংকৰে দখল কৰে উইকেট। ইমাম উল হকক LBW কৰে শংকৰে। বিশ্বকাপত নিজৰ প্ৰথমটো বলতে উইকেট দখল কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈৰূপে পৰিগণিত হয় বিজয় শংকৰ।

৯. ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত সম্পূৰ্ণ কৰিলে ১১ হাজাৰ ৰান। এই লক্ষ্যত দ্ৰুততাৰে উপনীত হোৱা বিশ্বৰ প্ৰথমগৰাকী বেটছমেন কোহলী। ২২২টা ইনিংছতে কোহলীয়ে সম্পূৰ্ণ কৰিলে ১১ হাজাৰ ৰান। শচীন তেণ্ডুলকাৰে ২৭৬টা ইনিংছত এই অভিলেখ গঢ়িছিল।

১০. টছক লৈ সৃষ্টি হ’ল এক অভিলেখ। ভাৰত–পাকিস্তানৰ মেচত প্ৰথমবাৰলৈ অধিনায়কে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়।

SPONSORED