|| ফেচবুক প্ৰেম || - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, August 20, 2019

|| ফেচবুক প্ৰেম ||


@ অতনু ভূঞা

ফেচবুকত মই ফটো দিও
মোৰ বাবে নহয়, তোমাৰ বাবে
ঘনে ঘনে ফেচবুক চাও
মোৰ বাবে নহয়,তোমাৰ বাবে
এখন pic upload কৰি
স্ট্ৰীট লাইটৰ তলত ৰৈ থকা পতিতাৰ দৰে
ৰৈ থাকো, তোমাৰ এটা likeৰ বাবে
পতিতা অধৈয্য হয়, এজন গ্ৰাহকৰ বাবে
মই অধৈয্য হও এটা মাত্ৰ like ৰ বাবে
কোন তুমি? তুমি নাজানা
অথচ তোমাক মই জানো, তোমাক সবেই জানে
মোক তুমিও জানা আৰু মোকো সবেই জানে
জানা ! পতিতা , তুমি আৰু মই
তিনিওটাৰ মাজত মিল আছে
পতিতাই আকাশ ভালপাই, নীলা আকাশ
মই ভাল পাও ক’লা আকাশ !
তুমিও আকাশ ভাল পোৱা
তোমাক ভাল পাও, আকাশৰ দৰে বিশালতাৰ বাবে নহয়
মাত্ৰ ঘনে ঘনে আকাশৰ দৰে ৰং সলোৱাৰ বাবে !
Like কৰিলে বুজিম
তুমি বুজা নাই ৷
Comment কৰিলে জানিম
তুমি বুজিও নুবুজাৰ ধৰিছা ভাও !
Tag কৰি বুৰ্বকামিও নকৰো হা !

SPONSORED