হাউলীত শিল বালিৰ অবৈধ বেহা : আৰক্ষীৰ জালত চালনবিহীন বালি ভৰ্তি ট্ৰাক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 20, 2019

হাউলীত শিল বালিৰ অবৈধ বেহা : আৰক্ষীৰ জালত চালনবিহীন বালি ভৰ্তি ট্ৰাক

হাউলী : হাউলী আৰক্ষীয়ে দেওবাৰে অভিযান চলাই চালান বিহীন এখন বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। বৰপেটা জিলাৰ বৰপেটাৰোড বনাঞ্চলৰ অন্তৰ্গত হাউলী নগৰ এলেকাৰ ৰাস্তাত হাউলী আৰক্ষীয়ে ৰবিবাৰে তালাচী চলাই বালি ভৰ্তি এখন চালানবিহীন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। 


জনিব পৰা মতে বেঁকী নদীৰ বিভিন্ন ঠাইত গঢ়ি উঠা শিল-বালি মহলৰ পৰা সৰবৰাহ হয় চালান বিহীন শিল বালি। অবৈধভাবে এ এছ ০১ জি -৭৯৭৯ নম্বৰ ট্ৰাক এখনে বালি ভৰ্তি কৰি হাউলী চহৰৰ মাজেৰে পাৰহৈ থকা অৱস্থাত হাউলী আৰক্ষীয়ে জব্দ কৰে বালি ভৰ্তি ট্ৰাক খন। জব্দকৃত ট্ৰাক খন বৰপেটাৰোড বন বিভাগক হাউলী আৰক্ষীয়ে গতাই দিয়ে। 


উল্লেখ্য যে কিছুদিন পুৰ্বেও অবৈধ ভাবে শিল কঢ়িওৱা এ এছ ২৬ চি ৪৯৩৮ নম্বৰ এখন শিল ভৰ্তি ট্ৰেক্টৰ জব্দ কৰি হাউলী আৰক্ষীয়ে বনবিভাগক ছমজাই দিয়ে। আনহাতে অবৈধ ভাবে চালান বিহীন আৰু অভাৰলোড শিল বালি কঢিওৱা বাহন সমূহক নাকী লগাবলৈ হাউলী থনাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসক অনুৰোধ জনাই সচেতন ৰইজে।

SPONSORED