লামডিঙত এন আৰ চি সন্দৰ্ভত সজাগতামূলক সভা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 29, 2019

লামডিঙত এন আৰ চি সন্দৰ্ভত সজাগতামূলক সভা

স্বপন দাস, লামডিং : চলিত মাহৰ ৩১ আগষ্ট তাৰিখে প্ৰকাশ পাৱ এন আৰ চিৰ চুড়ান্ত তালিকা৷ এন আৰ চি তালিকা প্ৰকাশ পোৱা ক্ষেত্ৰত যাতে জনসাধাৰণ শংকিত নহয় তাক লৈ সজাগতা মূলক সভা অনুষ্ঠিত কৰিছে হোজাই জিলা প্ৰশাসনে৷


বৃহস্পতিবাৰে লামডিং আজাদ হিন্দ লাইব্ৰেৰী প্ৰেক্ষাগৃহত হোজাই জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতামূলক সভা৷ উক্ত সভাত জিলা উপায়ুক্ত তন্ময় প্ৰতিম বুঢ়াগোহাঁই, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, লামডিং পৌৰসভাৰ সভা নেত্ৰী স্বস্তিকা ৰাউত আৰু বহু বিশিষ্ট ব্যক্তি উপস্হিত থাকে |লামডিংৰ এই সজাগতা সভাত নাম এন আৰ চিৰ তালিকাত নাম কৰ্তন হৈছে তাক লৈ চিন্তিত উপাযুক্ত মহোদয়ে লগতে কয় যে,পূৰ্বেই তালিকাত নাম অহা সকলক বাদ দি, যি সকলক সাক্ষী আৰু নতিচ কৰা হৈছিল সেইসকল এন আৰ চি কেন্দ্ৰলৈ গলেই হল আনহাতে এন আৰ চিৰ তালিকাত নাম কৰ্তন হোৱা সকলে অনলাইন জৰিয়তে তেওলোকৰ নাম কিয় কৰ্তন হল তাকো জানিব পাৰিৱ৷ 

নাম কৰ্তন হোৱা সকলে পুনৰ আবেদন কৰিবৰ বাবে ১২০ দিন সময়ও পাৱ৷ লগতে এন আৰ চি তালিকাত নাম কৰ্তন হোৱা সকলৰ কোনো কাৰণত ভোটাৰ তালিকাত নাম কৰ্তন নহয়, ৰেচন কাৰ্ড নাইৱা চৰকাৰ ফালৰ পৰা দিয়া অইন বেনিফিত কাৰ্ড কোনো কাৰণতেই কৰ্তন নহয়৷ লগতে উৰা বাতৰি প্ৰতি ৰাইজক গুৰুত্ব নিদিবলৈ আহ্বান উপাযুক্ত গৰাকীৰ৷ এনে উৰা বাতৰি বিয়পিওৱা সকলৰ ক্ষেত্ৰত আইনী ব্যৱস্হা গ্ৰহণ কৰা হৱ বুলিও মন্তব্যত প্ৰকাশ কৰে উপাযুক্ত গৰাকীয়ে৷ প্ৰযোজন হলে জিলাখনত ১৪৪ ধাৰাও প্ৰযোজ্য কৰা বুলি উল্লেখ কৰে৷

SPONSORED