ৱেব সংবাদ : মোবাইল ফোন আজিকালি সকলোৰে হাতে হাতে৷ ৰাস্তাৰে গৈ থাকোতে, বাছ বা অটোৰিক্সাত গৈ থাকোতে, বাছ আস্থানত ৰৈ থাকোতে, আনকি কার্যালয়ত থাকোতেও মানুহে মােবাইল ফোনটো হাতত লৈ ব্যস্ত হৈ থাকে। এতিয়া মােবাইল ফোনেই যেন সকলােৰে জীৱন’ হৈ পৰিছে। কিন্তু মােবাইল ফোনত ব্যস্ত হৈ থাকি মানুহে নিজৰ কণমানি সন্তানক এৰি থৈ যাব পাৰেনে? বর্তমান এয়াও সম্ভৱ হৈছে।
এগৰাকী মহিলাই মােবাইল ফোনত কথা পাতি ইমানেই ব্যস্ত হৈ পৰে যে অটোৰিক্সাতে তেওঁ কণমানি সন্তানক এৰি থৈ আহে। অটোৰিক্সা চালকে কণমানিটো কান্ধত লৈ মহিলাগৰাকীৰ পাছে পাছে চিঞৰি চিঞৰি মতাৰ পাছতাে মহিলাগৰাকীৰ তালৈ ভ্রুক্ষেপ নাছিল। তেওঁ মাথোঁ মােবাইল ফোনত কথা পতাতহে ব্যস্ত হৈ পৰিছিল। উপায়হীন হৈ অটোচালকজনে কণমানিটোক দাঙি খৰ খােজেৰে মহিলাগৰাকীৰ ওচৰ পায়গৈ আৰু সন্তানটো মহিলাগৰাকীৰ হাতত দিয়েগৈ। তেতিয়াহে মহিলাগৰাকীৰ সম্বিৎ ঘূৰি আহে। আনকি অটোৰ ভাড়াও দিয়া নাছিল মহিলাগৰাকীয়ে। প্রথমে অটোচালকজনে ভাবিছিল যে কণমানিটো মহিলাগৰাকীৰ নহয়। সেয়ে তেওঁ এনেদৰে অটোত এৰি থৈ গৈছে। পাছতহে গম পােৱা যায় যে মহিলাগৰাকীয়ে ফোনত কথা পাতি মচগুল হােৱা বাবেই সকলাে পাহৰি যায়। দিল্লীৰ এই ঘটনাটোৰ ভিডিও ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷