বন্ধ হ’ল বন্ধ ৰেপিড’ সেৱা : নাছিল অনুজ্ঞাপত্র বা অনুমতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 29, 2019

বন্ধ হ’ল বন্ধ ৰেপিড’ সেৱা : নাছিল অনুজ্ঞাপত্র বা অনুমতি

গুৱাহাটী : এতিয়াৰে পৰা মহানগৰৰ ৰাজপথত দেখা নাযাব দুচকীয়া বাহনেৰে যাত্রী কঢ়িওৱা ৰেপিড’ সেৱাৰ বাহন৷ উল্লেখযোগ্য যে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ পৰা যাৱতীয় অনুজ্ঞাপত্র বা অনুমতি নোহোৱাকৈ বিগত বছৰৰ ডিচেম্বৰ মাহত গুৱাহাটীত ৰেপিড’ই আৰম্ভ কৰিছিল দুচকীয়া বাহনেৰে যাত্রী কঢ়িওৱা সেৱা৷


কিন্তু অবৈধভাৱে মহানগৰত আৰম্ভ কৰা এনে সেৱাৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ৷ পৰিবহণ আয়ুক্ত বীৰেন্দ্র মিট্টাল আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ নির্দেশ অনুসৰি জিলা পৰিবহণ বিষয়া বাপন কলিতাই যোৱা ২৫ আগষ্টত ৰেপিড’ কর্তৃপক্ষক তিনিদিনৰ ভিতৰত যাৱতীয় নথি-পত্র দাখিল কৰিবলৈ নির্দেশ দিছিল৷

কিন্তু পৰিতাপৰ কথা যে অবৈধভাৱে ব্যৱসায় কৰি অহা ৰেপিড’ কর্তৃপক্ষই কোনোধৰণৰ নথি-পত্র দাখিল কৰিব নোৱাৰে৷ সেয়ে কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্রাধিকৰণে ৰেপিড’ৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷ ইতিমধ্যে ৰেপিড’ৰ একাংশ চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগে মহিলাৰ শালীনতা হানিৰ অভিযোগ, আইন ভংগ কৰি চলোৱাকে ধৰি ভিন্ন অভিযোগ লাভ কৰিছে৷

সেয়ে এনেবোৰ কাৰণতে ৰেপিড’ৰ বিৰুদ্ধে পৰিবহণ বিভাগে অভিযান আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে৷ পৰিতাপৰ কথা যে ৰেপিড’ৰ সমান্তৰালকৈ গুৱাহাটীত আৰু বহুকেইটা কোম্পানীয়ে অবৈধভাৱে যাত্রী কঢ়িওৱা সেৱা আগবঢ়াই আহিছে৷ কেৱল ব্যাৱসায়িক স্বার্থত একাংশই কোনোধৰণৰ অনুমতি নোলোৱাকৈ এনেদৰে অবৈধ ব্যৱসায় চলাইছে৷ উল্লেখযোগ্য যে পূর্বতে পৰিবহণ বিভাগে উবেৰ কর্তৃপক্ষক তেওঁলোকৰ যাৱতীয় তথ্য দিবৰ বাবে নির্দেশ দিছিল যদিও আজিলৈকে উবেৰে উপযুক্ত তথ্য দাখিল কৰিব নোৱাৰিলে৷

আনহাতে অতি কম খৰচত যাত্রীক এঠাইৰ পৰা আন ঠাইলৈ নিয়াত এক বিশেষ ভূমিকা পালন কৰি অহা ৰেপিড’ সেৱা বন্ধৰ কথা জানিব পাৰি একাংশ যাত্রীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ কিন্তু পৰিতাপৰ কথা যে কোনোধৰণৰ অনুজ্ঞাপত্র নথকা এটা কোম্পানীয়ে কেনেদৰে বিগত ৯ মাহে মহানগৰত দপদপাই আছিল সেইটোহে গুৰুত্বপূর্ণ কথা৷

SPONSORED