উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
নতুন দিল্লী : এগৰাকী মহিলাই প্রেমিকৰ সৈতে যদিহে বিয়া হােৱাটো নিশ্চিত নহয় বুলি জানিও শাৰীৰিক সম্পর্ক অব্যাহত ৰাখে, তেন্তে পাছত তেওঁ প্রেমিকৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযােগ আনিব নােৱাৰিব ।—এই গুৰুত্বপূৰ্ণ ৰায় দিছে উচ্চতম ন্যায়ালয়ে।
প্রেমিকে বিয়াৰ মিছা প্রতিশ্রুতি দি তেওঁৰ সৈতে শাৰীৰিক সম্পর্ক ৰক্ষা কৰিছিল বুলি মহিলাগৰাকীয়ে অভিযােগ কৰিব নােৱাৰিব। প্রেমিকে তেওঁক বিয়া কৰাব নে নাই, সেয়া নিশ্চিত নােহােৱাৰ পাছতাে যদি মহিলাগৰাকীয়ে প্রেমিকৰ সৈতে দীর্ঘদিন শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি আহে, তেন্তে সেয়া দুয়ােৰে সন্মতি সাপেক্ষে হােৱা যৌন সম্পর্কহে। গতিকে ইয়াক পাছত বলাৎকাৰ বুলি কৈ মহিলাগৰাকীয়ে কোনাে অভিযােগ আনিব নােৱাৰিব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ দুজনীয়া বিচাৰপীঠে এই গুৰুত্বপূর্ণ ৰায় দিয়ে। চি আৰ পি এফৰ এগৰাকী ডেপুটী কমাণ্ডেণ্টৰ বিৰুদ্ধে ছেলছ টেক্সৰ এগৰাকী মহিলা সহঃ আয়ুক্তই অনা বলাৎকাৰৰ অভিযােগ খাৰিজ কৰি এই ৰায় দিয়ে বিচাৰপীঠে। বিগত ৬ বছৰে দুয়ােৰে মাজত সম্পর্ক চলি আহিছিল আৰু বিভিন্ন সময়ত দুয়াে দুয়ােৰে ঘৰত একেলগে আছিল।
ইয়াৰ পৰা জনা যায় যে ডেপুটী কমাণ্ডেণ্টজনৰ সৈতে বিয়া নহ'ব বুলি জানিও ছেলছ টেক্সৰ সহঃ আয়ুক্তগৰাকীয়ে ৮ বছৰে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি আহিছিল। দুয়ােৰে পাৰস্পৰিক সন্মতি সাপেক্ষে এনে সম্পর্ক চলি অহা বাবে ইয়াক বলাৎকাৰৰ আখ্যা দিব নােৱাৰি বুলি বিচাৰপীঠে স্পষ্ট কৰি দিয়ে। উল্লেখ্য, ২০০৮ চনৰে পৰা দুয়ােৰে মাজত সম্পর্ক হৈছিল। ২০১৪ চনত চি আৰ পি এফৰ ডেপুটী কমাণ্ডেণ্টজনে দুয়ােৰে মাজৰ জাতিগত পার্থক্যৰ কথা উল্লেখ কৰাত দুয়ােৰে মাজত বিবাহ হােৱাটো অনিশ্চিত হয়। তথাপি মহিলাগৰাকীয়ে তেওঁৰ সৈতে শাৰীৰিক সম্পর্ক অব্যাহত ৰাখিছিল।