উপ-নিৰ্বাচন : জনীয়াত কোন হব কংগ্ৰেছৰ প্ৰাৰ্থী ? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 24, 2019

উপ-নিৰ্বাচন : জনীয়াত কোন হব কংগ্ৰেছৰ প্ৰাৰ্থী ?

২০২১ৰ বিধানসভা নিৰ্বাচনত ভাতৃ-পত্নীৰ বাবে পথ সুগম কৰিবলৈ কূটীল ৰাজনীতিত লিপ্ত হ’ব নেকি সাংসদ আব্দুল খালেক
বৰপেটা ব্যুৰ’ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল খালেক লোকসভালৈ সাংসদ হিচাবে নিৰ্বাচিত হোৱাৰ পিছত বৰ্তমান খালি হৈ আছে বিধায়কৰ পদটো ৷ তাৰবাবে এই বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হব উপ- নিৰ্বাচন৷ এইলৈ শাসকীয় দল বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডিফে এতিয়াৰে পৰা আৰম্ভ কৰিছে নিজ নিজ ৰণকৌশল৷


মুখ্যতঃ সংখ্যালঘূ ভোটাৰেৰে পৰিপূৰ্ণ সমষ্টিটোত ভোটাৰ আছে প্ৰায় ১ লাখ ৬২ হেজাৰ ভোটাৰ ৷ যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে বিধান সভা সমষ্টিটোৰ পৰা প্ৰায় ৯৬ হেজাৰ, এ আই এউ ডি এফৰ প্ৰাৰ্থী ডঃ ৰফিকুল ইছলামে প্ৰায় ৫৬ হেজাৰ আৰু অগপ বিজেপিৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে প্ৰায় ৮, ৩০০ ভোট লাভ কৰিছিল ৷
পৰিসংখ্যাৰ দিশৰ পৰা আৰু সমষ্টিটোৰ জনসংখ্যাৰ ফালৰ পৰা কংগ্ৰেছ এইবাৰো সুবিধাজনক স্থিতিত থকা বুলি কংগ্ৰেছ দলে দাবী কৰাৰ বাবে স্বাভাৱিকতে সমষ্টিটোৰ ৰাইজ তথা কংগ্ৰেছী মহলত ব্যাপক আলোচনা চলিছে - কোনে পাব কংগ্ৰেছৰ দলীয় টিকট ?
বিজেপিৰ বাবে ইতিমধ্যে ৩০ জনৰো অধিক প্ৰাৰ্থীত্ব প্ৰত্যাশী ওলোৱাৰ বিপৰীতে কংগ্ৰেছতো প্ৰায় কুৰিজন প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে টিকটৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ৷ অৱশ্যে প্ৰাৰ্থীত্ব নিৰ্বাচনৰ ক্ষেত্ৰত সাংসদ আব্দুল খালেকৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ বাবে কোনেও মুকলিকৈ দাবীদাৰ হৈ এতিয়াও আগবাঢ়ি অহা নাই ৷
শেহতীয়াকৈ পোৱা খবৰ মতে যদিও কুৰিজন প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ভিতৰত কিন্তু কংগ্ৰেছৰ শীৰ্ষ মহলত কেইবাগৰাকীৰ নামহে চৰ্চালৈ আহিছে ৷ তেওঁলোক হৈছে- কলগাছিয়াৰ নৱজ্যোতি কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা অসম লোক সেৱা আয়োগৰ প্ৰাক্তন সদস্য মোজামিল হুছেইন, ৰেডিয়েন্সল একাডেমীৰ স্বত্বাধিকাৰী আব্দুল হালিম আহমেদ, ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি তথা বৰপেটা জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপ- সভাপতি জাকিৰ হুছেইন, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা বৰপেটা জিলা এন এছ ইউ আইৰ প্ৰাক্তন সভাপতি চলমান খান, ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি আজগৰ আলি আহমেদ আৰু বৰপেটা জিলা মহিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা বেগম মমতাজ আহমেদ ৷
মোজামিল হক এজন বৰ্ষীয়ান কংগ্ৰেছী আৰু শিক্ষাবিদ হিচাবে সৰ্বজনবিদিত যদিও বয়স ৮০ উৰ্দ্ধৰ হোৱাৰ বাবে বয়সে তেওঁৰ বাবে হেঙাৰ হোৱাৰ সম্ভাৱনা নথকা নহয় ৷ বাকী কেউগৰাকী যুৱ নেতা হোৱাৰ লগতে আৰু প্ৰত্যেকৰে এক নিজস্ব ভাৱমূৰ্ত্তি আছে আৰু মহিলাক অগ্ৰাধিকাৰ দিলে মমতাজ আহমেদ সুবিধাজনক স্থিতিত থাকিব ৷ অৱশ্যে বেছিখিনি কথাই সাংসদ আব্দুল খালেকৰ লগতে হাইকামাণ্ডৰ ওপৰত নিৰ্ভৰশীল বাবে কোনে শেষ মুহূৰ্তত কংগ্ৰেছৰ টিকট কোনে লাভ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷
উল্লেখ্য যে কুচকাৱাজ তথা চৰ্চা যিমানেই নাথাকক কিয়, কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত সাংসদ আব্দুল খালেকৰ ওপৰতেই নিৰ্ভৰ কৰিব৷ কিন্তু এইক্ষেত্ৰত সাংসদগৰাকীয়ে যে কুটীল ৰাজনীতি নকৰিব সেয়া নুই কৰিব নোৱাৰি৷ সমষ্টিটোত সম্প্ৰতি চৰ্চা হৈ থকা অনুসৰি আব্দুল খালেকে সাংসদৰ প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাই থকা সময়োছোৱাত যদিহে তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হয় তেন্তে সমষ্টিটোত আব্দুল খালেকৰ পৰিয়ালৰ কোনো লোকক উপ নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান নকৰে৷ সেয়ে আগন্তুক উপ নিৰ্বাচনত নামমাত্ৰ এগৰাকী দুৰ্বল লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰি হৰুৱাব পাৰিলে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে সমষ্টিটোৰ বাবে নিজৰ ভাতৃ বা পত্নীক আগমণ কৰাৰ ক্ষেত্ৰত পথ সুগম কৰি ৰাখিব৷
চৰ্চা যিয়েই চলি নাথাকক কিয় সমষ্টিটোত দলটোৱে কাক প্ৰাৰ্থীত্ব প্ৰদান কৰে আৰু দলটোৱে বিজয়ৰ হাহি মাৰিব পাৰিবনে নে চৰ্চিত অনুসৰি সাংসদ আব্দুল খালেকৰ কূটীল ৰাজনীতি জয়ী হব সেয়া সময়ত অৱশ্যে লক্ষণীয় হ’ব৷

SPONSORED