অভিনৱ প্ৰতিবাদ : লামডিং ৰাজপথত আৱতৰীয়া পৰিবেশ দিৱস - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, August 18, 2019

অভিনৱ প্ৰতিবাদ : লামডিং ৰাজপথত আৱতৰীয়া পৰিবেশ দিৱস

স্বপন দাস, লামডিং :
এয়া বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা ফটো বুলি ভুল নকৰিব৷ আগষ্ট মাহৰ প্ৰখৰ ৰ’দত  লামডিং ৰাজপথত এয়া আৱতৰীয়া পৰিবেশ দিৱস৷ বিদ্যালয়ৰ সলনি এতিয়া কন কন ছাত্ৰ ছাত্ৰীয়ে ৰাজপথতেই কৰিলে বৃক্ষ ৰোপন৷ হয় এয়া হ'ল পূৱ লামডিং গাওঁ পঞ্চায়তৰ অধীনত থকা নতুন বস্তিৰ দৃশ্য৷ ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন দেখা মোদী চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা নাই লামডিঙৰ এইখন নতুন বস্তিত ৷ 


ভাৰত স্বাধীন হোৱা ৭৩ বছৰেই হল , কিন্তু ৭৩ বছৰে কোনো চৰকাৰৰ দিনত মেৰামতি নহল এই পথচোৱা ৷ চৰকাৰ আহিছে আৰু সলনি হৈছে, গঠন হৈছে নতুনকৈ পঞ্চায়ত কিন্তু এই পথচোৱাত চকু পৰা নাই এটা বিভাগৰো৷ নতুন বস্তিৰ ৰাইজৰ অভিযোগ নতুনকৈ গঠন হোৱা পঞ্চায়তৰ সদস্যৰটো খৱৰ নায়ে আনফালে লামডিং বিধায়ক শিবু মিশ্ৰও লামডিঙৰ এই পথচোৱাৰ ফালে নামাৰে এপাক৷ 

আনফালে গাওঁ পঞ্চায়তৰ অধীনত থকা লামডিঙ বহু গ্রাম্য এলেকাৰ পথ বিধায়কজনে নিৰ্মান কৰোৱাইছে যদিও এই পথচোৱা আজিলৈকে মেৰামতি নকৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ অলপ বৰষুণ আহিলেই পথচোৱা হৈ পৰে বোকা পানীৰে ভৰা পথাৰ সদৃশ৷ আনফালে পথচোৱাৰে প্ৰতিদিনে যাতায়ত কৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও অতিষ্ঠ হৈ পৰিছে পথচোৱাৰ বাবে৷ সেয়হে উপায়হীন হৈ আজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে গাৱৰ ৰাইজে প্ৰতিবাদত নামিছে৷ লগতে তেওঁলোকে লামডিঙৰ বিধায়ক গৰাকীক অনুৰুধ জনাইছে যে অতি সোনকালে তেওঁলোকৰ পথটো মেৰামতি কৰিবলৈ।

SPONSORED