সঁচাকৈ চূড়ান্ত এন আৰ চিৰ পৰা কর্তন হ’ব ১৬ লাখ লোকৰ নাম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 18, 2019

সঁচাকৈ চূড়ান্ত এন আৰ চিৰ পৰা কর্তন হ’ব ১৬ লাখ লোকৰ নাম

গুৱাহাটী : চূড়ান্ত ৰাষ্ট্রীয় নাগৰিকপঞ্জীত অন্তর্ভুক্ত নহ’ব প্রায় ১৬ লাখ লোকৰ নাম৷ চূড়ান্ত নাগৰিকপঞ্জী প্রকাশ পাবলৈ মাত্র ১৫ দিন বাকী থকাৰ সময়তে এই চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে ৰাষ্ট্রীয় সংবাদ মাধ্যমত৷ বিশিষ্ট বুদ্ধিজীৱী উদয়ন মিশ্রই ‘দ্য হিন্দু’ কাকতত প্রকাশ কৰা অনুসৰি চূড়ান্ত নাগৰিকপঞ্জীৰ পৰা কর্তন হ’ব ৰাজ্যৰ প্রায় ১৬ লাখ লোকৰ নাম৷


এই ১৬ লাখ লোকৰ ভিতৰত অন্তর্ভুক্ত হৈ আছে প্রায় এক লাখ ‘ডি’ ভোটাৰ আৰু চূড়ান্ত খচৰাৰ পৰা বাদ পৰাৰ পাছত পুনৰ আৱেদন নকৰা চাৰি লাখ লোকৰ নাম৷ প্রণিধানযোগ্য যে চূড়ান্ত ৰাষ্ট্রীয় নাগৰিকপঞ্জীত কিমানসংখ্যক লোকৰ নাম অন্তর্ভুক্ত নহ’ব তাক লৈ ইতিমধ্যে দেশজুৰি বিভিন্ন জল্পনা-কল্পনাৰ আৰম্ভ হৈছে৷ এনে জল্পনা-কল্পনাৰ মাজতে দেশৰ ভিতৰতে বিশিষ্ট বুদ্ধিজীৱী হিচাপে পৰিচিত উদয়ন মিশ্রই চূড়ান্ত নাগৰিকপঞ্জীত ৰাজ্যৰ প্রায় ১৬ লাখ লোকৰ নাম অন্তর্ভুক্ত নহ’ব বুলি প্রকাশ কৰা তথ্য বিশেষ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ মন কৰিবলগীয়া যে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা কেইবা লাখো লোকৰ নামৰ অন্তর্ভুক্ত নহ’ব সেয়া নিশ্চিত৷ সেয়েহে চূড়ান্ত তালিকা প্রকাশৰ পাছতেই ৰাজ্যত যাতে কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সষ্টম হৈ পৰিছে ৰাজ্য প্রশাসন৷ কেন্দ্রীয় গৃহ বিভাগৰ এটা সূত্রই প্রকাশ কৰা মতে, ৰাজ্যৰ ১৪খন জিলা সংবেদনশীল জিলা হিচাপে ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে৷

নামনি অসমৰ লগতে মধ্য অসম আৰু বৰাকত থকা এই জিলাকেইখনৰ নিৰাপত্তা ব্যৱস্থা শেহতীয়াকৈ শক্তিশালী কৰি তোলা হৈছে৷ প্রতিখন আৰক্ষী থানাকে পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি দিবলৈ নির্দেশ দিয়াৰ লগতে ছচিয়েল মিডিয়াৰ ওপৰতো প্রশাসনে চোকা দৃষ্টি ৰাখিছে৷ একেদৰে এন আৰ চিৰ সেৱা কেন্দ্রসমূহৰ নিৰাপত্তাও কটকটীয়া কৰি তোলা হৈছে৷ সূত্রটোৰ মতে, ৰাজ্যখনত চি আৰ পি এফৰ ৯০টা কোম্পানী একমাত্র এন আৰ চিৰ কাৰণে নিয়োগ কৰা হৈছে৷

অৱশ্যে আজিৰ তাৰিখত ৰাজ্যত মুঠ ১৬৪টা চিআৰ পি এফৰ কোম্পানী আছে৷ ২০১৮ চনৰ ৩০ জুলাইত নাগৰিকপঞ্জীৰ খচৰা প্রকাশৰ সময়ত অৱশ্যে ৰাজ্যত নিয়োজিত হৈ আছিল ২০৯টা চি আৰ পি এফৰ কোম্পানী৷ কিন্তু পৰৱর্তী সময়ত কেন্দ্রীয় চৰকাৰে দেশৰ আন আন স্থানলৈ বহুসংখ্যক কোম্পানী স্থানান্তৰ কৰে৷ সেয়েহে ৰাজ্য চৰকাৰে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশৰ সময়ত পূর্বৰ দৰেই অর্ধসামৰিক বাহিনীৰ কোম্পানী নিয়োগ কৰিবলৈ অনুৰোধ জনাইছে৷

SPONSORED