গুৱাহাটী : ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱর্তনত বিশিষ্ট কবি আৰু কলা সমালোচক নীলমণি ফুকনক প্রদান কৰা সন্মানীয় ডি লিট ডিগ্রী আজি বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে কবিগৰাকীৰ নিজা বাসভৱনত আয়োজিত এক অনাড়ম্বৰ অনুষ্ঠানৰ জৰিয়তে কবিগৰাকীৰ হাতত অর্পণ কৰে৷
কলা, সাহিত্য, শিক্ষা আৰু জনজীৱনলৈ নিজৰ সৃজনীশীল আৰু সমালোচনামূলক সৃষ্টিৰ জৰিয়তে আগবঢ়োৱা জীৱনজোৰা আৰু অতিবিশিষ্ট অৱদানৰ স্বীকৃতিৰূপে বিশ্ববিদ্যালয়খনে আগবঢোৱা এই সন্মান নমস্য প্রজ্ঞাসাধকগৰাকীক প্রদান কৰিবলৈ পাই ডিব্রুগড় বিশ্ববিদ্যালয় নিজেই সন্মানিত হৈছে বুলি মন্তব্য কৰি উপাচার্যগৰাকীয়ে কবিগৰাকীৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰে৷ অনুষ্ঠানতে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হৰিচন্দ্র মহন্তই অষ্টাদশ সমাৱর্তনৰ এক চমু খতিয়ান দাঙি ধৰি কয় যে এই সমাৱর্তনত বিশিষ্ট কবি নীলমণি ফুকন আৰু আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন উদ্ভাৱক উদ্ধৱ ভৰালীলৈ সন্মানীয় ডি লিট আৰু ডি এছ চি প্রদান কৰাৰ লগতে আন ১০,৬০৬গৰাকী শিক্ষার্থীক ডক্টৰেটকে ধৰি আন ডিগ্রীসমূহ প্রদান কৰা হয়৷
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক (শৈক্ষিক) ড০ বিনোদ চন্দ্র বড়াই আঁত ধৰা এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত উপস্থিত থাকি ‘গৰীয়সী’ৰ সহকাৰী সম্পাদক, বিশিষ্ট লেখক-সাংবাদিক অংকুৰ ডেকাই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ এই শুভকার্যক আদৰণি জনায় আৰু নীলমণি ফুকনক সশ্রদ্ধ অভিনন্দন জ্ঞাপন কৰে৷ অনুষ্ঠানটো আয়োজনত সর্বতোপ্রকাৰে সহযোগিতা আগবঢ়োৱা কবিগৰাকীৰ পৰিয়াল আৰু সংবাদ মাধ্যমলৈ ডিব্রুগড় বিশ্ববিদ্যালয়ে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে৷