গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য ডঃ প্রতাপজ্যোতি সন্দিকৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 20, 2019

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য ডঃ প্রতাপজ্যোতি সন্দিকৈ

গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্যৰ দায়িত্ব অর্পণ কৰা হৈছে অধ্যাপক ড০ প্রতাপজ্যোতি সন্দিকৈক৷ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচার্য অধ্যাপক ড০ জগদীশ মুখীয়ে বিশ্ববিদ্যালয়খনৰ বায়’টেকন’লজি বিভাগৰ অধ্যাপক সন্দিকৈক নিযুক্তি দিয়ে৷


উল্লেখযোগ্য যে ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি সন্মান লাভ কৰা নতুন উপাচার্য সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কার্যবাহী পৰিষদৰ উপৰি বিশ্ববিদ্যালয়ৰ ক’র্ট সদস্য হিচাপেও দায়িত্বত আছিল৷ বিজ্ঞান সম্পর্কীয় দুশৰো অধিক নিবন্ধ বিভিন্ন কাকত-আলোচনীত লিখা অধ্যাপক সন্দিকৈৰ অধীনত ৩৬গৰাকী শিক্ষার্থীয়ে গৱেষণা কৰি পি এইচ ডি লাভ কৰিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ উপ-সভাপতি, সভাপতি হিচাপে দায়িত্ব পালন কৰা সন্দিকৈয়ে ৰাজ্যিক জৈৱ-প্রযুক্তি নীতি প্রস্তুতৰ ক্ষেত্রতো গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷

SPONSORED