নাই প্রয়োজনীয় যন্ত্ৰপাতি, সুৰক্ষিত নহয় দৰব পাতি
কয়াকুছিঃ চিকিৎসা সেৱাৰ ক্ষেত্ৰত যমৰ-যাতন ভূগা সংখ্যালঘূ অধূষিত বৰপেটা জিলাৰ অনুন্নত অঞ্চল ভক্তৰডবাত টোৱা ২০১৮ চনত আদৰ্শ চিকিৎসালয় অখনৰ উদ্ধোধন কৰা হয়৷ চিকিৎসালয় উদ্ধোধনৰ পাছত বৃহত অঞ্চলবাসীৰ মূখত হাহি বিৰিঙিয়াই যদিও সেই হাহি সম্প্ৰতি বিষাদত পৰিণত হোৱাৰ পথত৷
২০১৮ চনৰ ২৭ জুলাইত তেতিয়াৰ অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্রী পীযুষ হাজৰীকাই স্হানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ উপস্থিতিত ভক্তৰডবা আদৰ্শ চিকিৎসালয়ৰ উদ্বোধন কৰে৷ উদ্বোধনৰ দুটা বছৰ পাৰ নহওতেই চিকিৎসালয়ৰ মুখ্য প্ৰবেশদ্বাৰৰ এখন দৰ্জা ভাঙি যায় যত দুখিলা টিন পাত লগাই মুখ্য প্ৰবেশদ্বাৰ বন্ধ কৰি দিয়ে.কুকুৰে কামূৰা বেজীৰ দৰে অত্যন্ত দৰকাৰী বেজী, দৰব ঔষধ-পাতি ৰখাৰ বাবে ফ্ৰিজৰ ব্যৱস্থা নথকা বুলি জানিব পৰা গৈছে৷
ৰোগীয়ে বিশুদ্ধ পানীৰ পৰিৱৰ্তে আয়ৰণ যুক্ত দমকলৰ পানী ব্যৱহাৰ কৰিব লগা হৈছে. অকল সেয়াই নহয় চিকিৎসালয়ৰ কৰ্মৰত কৰ্মচাৰীৰ ভাষ্যই জনোৱা মতে, আজিলৈ চিকিৎসালয়ৰ বাবে কোনো কমিটি নথকাত কৰ্মচাৰী সকলে নানা সমস্যাৰ সন্মুখীন হব লগা হৈছে৷ অৱশ্যে কমিটি এখনৰ ব্যৱস্থা কৰী হৈছিল যদিও সেয়া বিভাগীয় অনুমোদন নোপোৱাকৈ থাকিল কমিটি নোহোৱাকৈ চলি থকা চিকিৎসালয় খনত ৰোগীৰ ঔষধ পাতিয়েই যদি সুৰক্ষিত নহয় তেন্তে ৰোগী কেনেকৈ সুৰক্ষিত হব এয়াই বৰ্তমান সচেতন মহলৰ প্রশ্ন৷