জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ জৰিয়তে বানাক্ৰান্তলৈ হাইজিন কিটচ বিতৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 18, 2019

জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ জৰিয়তে বানাক্ৰান্তলৈ হাইজিন কিটচ বিতৰণ

সাহায্য আগবঢ়ালে আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনে
জনীয়া : আন্তৰ্জাতিক পৰ্যায়ৰ এন জি অ আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনৰ উদ্যোগত আৰু জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত শুক্ৰবাৰে জনীয়াত বনপীড়িতৰ মাজত ১০ টা গা ধোৱা চাবোন, ৩ টা লনৰ্ড্ৰি চাবোন,৪ টা ছেনিটাৰী পেড, ৫ টা টায়েল,৭ টা টুটপেষ্ট,৫ টা মমবাতি, ৫ ৰেজৰ, ১ টা নেইল কাটাৰ,২ টা ফণী,এটা প্লাষ্টিকৰ বাল্টিকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰে।


তদুলক্ষে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পদক আব্দুল মালিকৰ তত্বাৱধানত অনুষ্ঠানৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত সাহাৰ্য বিতৰণী সভাত আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউন্ডেচনৰ নিধি বানছাল,শংকৰ পাণ্ডে,,জনীয়া গাও পঞ্চায়তৰ সভাপতি ছাবেদ আলী,,উপ সভাপতি ছফিকুল ইছলাম, বৰপেটা চাইল্ড লাইনৰ জিলা সমন্বয়ক ৰফিকুল ইছলাম আদি কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।


SPONSORED