নৰেন্দ্র মোদীৰ দ্বিতীয়টো কার্যকালৰ আৰম্ভণিতে দেশৰ অর্থনীতিলৈ আহিছে মহাসংকট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 18, 2019

নৰেন্দ্র মোদীৰ দ্বিতীয়টো কার্যকালৰ আৰম্ভণিতে দেশৰ অর্থনীতিলৈ আহিছে মহাসংকট

নতুন দিল্লী : দ্রুতগতিত নিম্নগামী হৈছে দেশৰ অর্থনীতি৷ ভাৰতক বিশ্বগুৰু হিচাপে প্রতিষ্ঠাৰ পণ হাতত লোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বিতীয়টো কার্যকালৰ আৰম্ভণিতে দেশৰ অর্থনীতিলৈ অহা মহাসংকটে বিপদ কঢ়িয়াই আনিছে৷ সম্পূর্ণ ১৯ বছৰৰ মূৰত নির্মাণ খণ্ডত দেখা দিয়া অর্থনৈতিক বিপর্যয়ে দেশৰ অর্থ ব্যৱস্থাৰ ওপৰতে মাধমাৰ শোধাইছে৷


একে সময়তে বিদেশী বিনিয়োগ হ্রাস পোৱাত দেশৰ অর্থনীতিত বিৰূপ প্রভাৱ স্পষ্ট হৈছে৷ ক’বলৈ গ’লে বৃহৎ অর্থনৈতিক মন্দাৱস্থাৰ দিশে গতি কৰিছে দেশ৷ গাড়ী নির্মাণ কোম্পানীকে ধৰি নির্মাণ খণ্ডত নিয়োজিত হাজাৰ হাজাৰ কর্মচাৰীয়ে চাকৰি হেৰুৱাইছে৷ আনকি অসমতে বহু আগশাৰীৰ গাড়ী কোম্পানীৰ ডীলাৰৰ কর্মচাৰীয়ে পোৱা নাই দৰমহা৷ উল্লেখযোগ্য যে অলপতে এখন আগশাৰীৰ ইংৰাজী দৈনিক কাকত ‘দ্য ইক’নমিক টাইম৲ছ’ত দিয়া এক সাক্ষাৎকাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৈছে যে আগন্তুক ৫ বছৰত আন্তঃগাঁথনি উন্নয়নত ভাৰত চৰকাৰে ১ লাখ কোটি টকা বিনিয়োগ কৰিব৷

প্রধানমন্ত্রীৰ মতে বিনিয়োগকাৰীৰ বাবে ভাৰত আজি উৎকৃষ্ট স্থান৷ কালি স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দিয়া ভাষণতো মোদীয়ে অর্থনৈতিক বিকাশৰ কথা কৈছে৷ প্রধানমন্ত্রী মোদীৰ এনে ঘোষণাৰ সময়তে পোহৰলৈ আহিছে ক্রমশঃ বৃহৎ অর্থনৈতিক বিপর্যয়ৰ প্রতিচছবি৷ যোৱা ১ আগষ্টৰ পৰা ৯ আগষ্টৰ ভিতৰত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় বজাৰৰ পৰা উঠাই নিছে ১১১৩৪.৬০ কোটি টকা৷

ইয়াৰ পূর্বে জুলাই মাহত বিদেশী বিনিয়োগকাৰীয়ে ১১ হাজাৰ কোটি টকা ভাৰতৰ পৰা উঠাই নিছে৷ বিগত দুটা মাহত দেশৰ অটোম’বাইল খণ্ড চৰম লোকচানৰ সন্মুখীন হৈছে৷ ছচাইটি অব৲ ইণ্ডিয়ান অ’টোম’বাইল মেনুফেকচার্ছৰ তথ্য অনুসৰি গাড়ী বিক্রীৰ সংখ্যা ৩১ শতাংশ হ্রাস পাইছে৷ ইয়াৰ পূর্বে ২০০০ চনত অনুৰূপ বিপর্যয়ৰ সূচনা হৈছিল আৰু গাড়ী বিক্রীৰ পৰিমাণ ৩৫ শতাংশ হ্রাস পাইছিল৷ হুণ্ডাই, মাৰুতি ছুজুকি, টাটা মটৰছ, মহিন্দ্রা আদি সকলো গাড়ী নির্মাণ কোম্পানীৰ বিভিন্ন মডেলৰ গাড়ী বিক্রীৰ অভাৱত পৰি আছে৷

দুচকীয়া বাহনৰ বিক্রীৰ সংখ্যাও ১২ শতাংশ হ্রাস পাইছে৷ বহু উৎপাদন গোট বন্ধ হৈছে৷ অটোম’বাইল খণ্ডৰ সৰু সৰু পার্টছ নির্মাণ কৰা হাজাৰৰোধিক উদ্যোগ বন্ধ হৈছে৷ ফলত চাকৰি হেৰুৱাইছে লাখ লাখ কর্মচাৰীয়ে৷ জানিব পৰা মতে প্রধানমন্ত্রী মোদীৰ গৃহৰাজ্য গুজৰাটতে শতাধিক গাড়ীৰ ডীলাৰ বন্ধ হৈছে৷ ইফালে যোৱা দুটা বছৰত দেশৰ ৩০খন মহানগৰত বিক্রী নোহোৱাকৈ পৰি আছে ১২.৭৬ লাখ ফ্লেট৷ ফলত নির্মাণ ক্ষেত্রত অৱস্থা অতি শোচনীয় হৈ পৰিছে৷

ফলত এই ক্ষেত্রত বিগত বছৰটোত দহ লক্ষাধিকে চাকৰি হেৰুৱাইছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়া ইক’নমিৰ মতে দেশৰ অর্থনীতিৰ দ্রুত অৱনতিৰ বাবে ২০১৮ চনতেই এক কোটি ১০ লাখ ভাৰতীয়ই সংস্থাপন হেৰুৱাইছে৷ এই বৃহৎ অর্থনৈতিক বিপর্যয়ৰ কাৰণ কি, সেয়া এই পর্যন্ত গভীৰভাৱে ভাৰত চৰকাৰে ফহিয়াই চোৱা পৰিলক্ষিত হোৱা নাই৷ বৰঞ্চ সত্য ঢাকি থোৱাৰ অপচেষ্টাহে কৰিছে৷

SPONSORED