এনআৰচি অসম আৰু অসমীয়াৰ বাবে সৰ্বনাশৰ দলিল হব-- সুকুমাৰ বিশ্বাস - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 27, 2019

এনআৰচি অসম আৰু অসমীয়াৰ বাবে সৰ্বনাশৰ দলিল হব-- সুকুমাৰ বিশ্বাস

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা :
অহা ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ মইমতালিৰ বাবেই অসম আৰু অসমীয়াৰ বাবে 'সৰ্বনাশ'ৰ দলিল ৰূপে পৰিগনিত হব। আৰু ইয়াৰ বাবে ভবিষ্যৎ প্ৰজন্মৰ ওচৰত অসমৰ নতুন বদনৰূপে পৰিগনিত হব আছু আৰু মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৪ মাৰ্চ মানি লৈ আছু আৰু গনসংগ্ৰাম পৰিষদ যেনেদৰে বৰ্তমান জনসাধাৰণৰ সমালোচনাৰ পাত্ৰ হৈছে ঠিক সেইদৰে এনআৰচি প্ৰকাশ পোৱাৰ পিছতো আছু সাধাৰন জনতাৰ ঘৃনাৰ পাত্ৰ হব। ইয়াৰ কাৰণ এই এনআৰচি কোনোমতেই শুদ্ধ আৰু বিদেশী মুক্ত এনআৰচি নহয়। এই মন্তব্য সদৌ অসম বাঙালি যুব ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসৰ।


বিশ্বাসে এইক্ষেত্ৰত আৰু কয় যে, এই এনআৰচিত কমেও পোন্ধৰৰ পৰা বিশ লাখ প্ৰকৃত ভাৰতীয় হিন্দু মুছলমানৰ নাম বাদ পৰিব। আৰু তাৰ বিপৰীতে সমসংখ্যক বাংলাদেশীৰ নাম সন্নিবিষ্ট হব। যাৰ বাবে এনআৰচিৰ পৰা বঞ্চিত প্ৰকৃত ভাৰতীয়সকলে ৰাজ্যখনত উত্তাল পৰিবেশ সৃষ্টি কৰিবলৈ বাধ্য হব। সেয়ে এনে সন্ধিক্ষনত আইন শৃংখলা নিয়ন্ত্ৰনৰ বাহিৰলৈ যোৱাৰ পূৰ্ন সম্ভাৱনা প্ৰকট হব। তেতিয়া হয়তো প্ৰতীক হাজেলা পলাই পত্ৰং দিব আৰু ভূক্তভূগী হব অসমৰ জনতা। সেয়ে সময় থাকোতেই ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত এনআৰচিৰ অন্তিম খচৰা প্ৰকাশত স্থগিতাদেশৰ ব্যবস্থা কৰাওক বুলিও ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে বাঙালী যৌথ সংগ্ৰাম সমিতিৰো সভাপতি সুকুমাৰ বিশ্বাসে।

SPONSORED