৩১-০৮-২০১৯ তাৰিখৰ পৰা NRC ৱেবচাইটত "Supplementary list of Inclusions Exclusions status (Final NRC)” লিংক উপলব্ধ হ'ব।
অহা ৩১ আগষ্ট, ২০১৯ তাৰিখে প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত তালিকা তলত দিয়া ধৰণে চাব পাৰিবঃ
১। ক) ৩০/০৭/২০১৮ তাৰিখে প্রকাশিত সম্পূর্ণ খচৰা NRC'ত নাম অন্তর্ভুক্ত নোহােৱাৰ বাবে দাবী প্ৰ-পত্র দাখিল কৰা ব্যক্তিসকলে;
নাইবা -
খ) ২৬/০৬/২০১৯ তাৰিখে প্রকাশিত অতিৰিক্ত বাদ দিয়া তালিকা মৰ্ম্মে সম্পূর্ণ খচৰা NRCৰ পৰা বাদ পৰা ব্যক্তিসকলে;
নাইবা-
গ) সম্পূর্ণ খচৰা NRCত অন্তর্ভুক্ত হােৱা যিসকল ব্যক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছিল সেই ব্যক্তিসকলে—
তেওঁলােকৰ নিৰ্ধাৰিত NSKত/ চক্ৰ বিষয়াৰ কাৰ্যালয়ত/ জিলা উপায়ুক্তৰ কাৰ্যালয়ত চূড়ান্ত NRCৰ সংযােজনী অন্তর্ভুক্তিৰ তালিকাত তেওঁলােকৰ অন্তর্ভুক্তিৰ স্থিতি চাব পাৰিব। এই তালিকাখন কেৱল সংযােজনী অন্তর্ভুক্তিৰ তালিকা (Supplementary List of Inclusions)
ঘ) জনসাধাৰণে তেওঁলােকৰ এ আৰ এন (ARN) টাইপ কৰি অন্তর্ভুক্তিৰ স্থিতি সম্পর্কে অনলাইন* (Online*) যােগেও জানিব পাৰিব।
২। ক) i) ৩০/০৭/২০১৮ তাৰিখে প্রকাশিত খচৰা NRC'ত নাম অন্তর্ভুক্ত হােৱা ব্যক্তিসকলে;
নাইবা -
ii) ২৬/০৬/২০১৯ তাৰিখে প্রকাশিত অতিৰিক্ত বাদ দিয়া তালিকা মৰ্ম্মে সম্পূর্ণ NRCৰ পৰা বাদ পৰা যিসকল ব্যক্তিক ০৫/০৭/২০১৯ তাৰিখৰ পৰা আৰম্ভ হােৱা কোনাে শুনানীত উপস্থিত হ'বলৈ মতা হৈছিল সেইসকল ব্যক্তিয়ে ওপৰৰ ১নং দফাত উল্লেখ কৰা ধৰণে তেওঁলোেক অন্তর্ভুক্তিৰ স্থিতি চাব পাৰিব।
খ) ওপৰৰ ২নং দফাত উল্লেখিত সম্পূর্ণ খচৰা NRCত নাম অন্তর্ভুক্ত হােৱা আৰু অতিৰিক্ত বাদ পৰা তালিকাৰ পৰা বাদ নপৰা যিসকল ব্যক্তিক ০৫/০৭/২০১৯ তাৰিখৰ পৰা আৰম্ভ হােৱা কোনাে শুনানীত উপস্থিত থাকিবলৈ মতা হােৱা নাছিল, সেইসকলে তেওঁলােকৰ অন্তর্ভুক্তিৰ স্থিতি সম্পর্কে চিন্তা কৰিব নালাগে। তেওঁলােকৰ নাম চূড়ান্ত NRCত অন্তর্ভুক্ত হৈ ৰব।