বাল্যবিবাহ, বৰপেটা জিলা চাইল্ডলাইনৰ তৎপৰতাত ক্ষুদ্ৰবামুণবড়ীৰ পৰা উদ্ধাৰ নাবালিকা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, September 06, 2019

বাল্যবিবাহ, বৰপেটা জিলা চাইল্ডলাইনৰ তৎপৰতাত ক্ষুদ্ৰবামুণবড়ীৰ পৰা উদ্ধাৰ নাবালিকা

চেঙাঃ ৰাজ্যখনত অব্যাহত আছে বাল্যবিবাহৰ ঘটনা। শুকুৰবাৰে বৰপেটা জিলা চাইল্ডলাইনৰ জিলা সমন্বয়ক ৰফিকুল ইছলামৰ তৎপৰতাত আৰু মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন কলিতাৰ সহযোগত সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰবামুণবড়ী গাঁৱৰ পৰা ষোল্ল বছৰীয়া এগৰাকী নাবালিকা ছোৱালীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৰপেটা জিলা চাইল্ডলাইনে।


ঘটনাৰ বিৱৰণী মতে, দশম শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰীৰ স’তে ক্ষুদ্ৰবামুনবড়ী গাঁৱৰ প্ৰয়াত জনাৱ আলীৰ পুত্ৰ জাকিৰ হুছেইন নামৰ এজন যুৱক দুমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। বৰপেটা জিলা চাইল্ডলাইনে এক অভিযোগৰ ভিত্তিত শুকুৰবাৰে নাবালিকা ছাত্ৰীগৰাকীক স্বামীগৃহৰ পৰা উদ্ধাৰ কৰি বৰপেটা জিলা শিশু কল্যাণ সমিতিত গতাই দিয়ে। বৰপেটা জিলা চাইল্ডলাইনৰ এই অভিযানত সহযোগিতা আগবঢ়ায় সৰ্থেবাৰী আৰক্ষী থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক খান মহিদুল ইছলাম, স্থানীয় গাঁওবুঢ়া শ্বেখ ফৰিদ আলীয়ে।

SPONSORED