যোগানন্দ চন্দ্ৰ গোস্বামী আৰু ড০ সুনীল কোঠাৰীলৈ শ্ৰীশ্ৰী মাধৱদেৱ বঁটা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 22, 2019

যোগানন্দ চন্দ্ৰ গোস্বামী আৰু ড০ সুনীল কোঠাৰীলৈ শ্ৰীশ্ৰী মাধৱদেৱ বঁটা

নাৰায়ণপুৰঃ বহু প্ৰতিক্ষাৰ অন্তত অৱশেষত সোমবাৰে অসম চৰকাৰে সমাজ জীৱনৰ দুই পুৰোধা ব্যক্তিক প্ৰদান কৰিব শ্ৰীশ্ৰী মাধৱদেৱ বঁটা। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এক বৰ্ণাঢ্য কাৰ্যসূচীত প্ৰদান কৰা হ’ব ২০১৬ আৰু ২০১৯ বৰ্ষৰ শ্ৰীশ্ৰী মাধৱদেৱ বঁটা।


বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক তথা সত্ৰাধিকাৰ যোগানন্দ চন্দ্ৰ গোস্বামীক ২০১৬ বৰ্ষৰ বাবে আৰু বিশিষ্ট নৃত্যবিশাৰদ, ইতিহাসবিদ, গৱেষক আৰু সমালোচক ড০ সুনীল কোঠাৰীক ২০১৯ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব। উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকা আৰু লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত।

ইতিমধ্যে সোমবাৰৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল’বলৈ দেওবাৰে নাৰায়ণপুৰত উপস্থিত হয় বিভাগীয় মন্ত্ৰী নৱ দলে। মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই। যথেষ্ট ব্যয়বহুল আৰু আড়ম্বৰপূৰ্ণভৱে আয়োজন কৰা উক্ত বঁটা প্ৰদান অনুষ্ঠানলৈ সকলো শ্ৰেণীৰ ৰাইজকে সংবাদ মাধ্যমৰ জৰিয়তে নিমন্ত্ৰণ জনালে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে বঁটা প্ৰদানৰ সমান্তৰালকৈ সোমবাৰে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব সদ্য ঘোষিত মাধৱদেৱ বিশ্ববিদ্যালয়। সমগ্ৰ কাৰ্যসূচীক লৈ লখিমপুৰ জিলা প্ৰশাসন ইতিমধ্যে তৎপৰ হৈ পৰা দেখা গৈছে। প্ৰণিধানযোগ্য যে, ২০০৫ চনত সদিচ্ছা নামৰ এটা বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থাই মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বঁটা প্ৰদান কৰিছিল আৰু পৰৱৰ্তী সময়ত তদানীন্তন কংগ্ৰেছ চৰকাৰে এই বঁটা চৰকাৰীকৰণ কৰিছিল। শেহতীয়াকৈ চৰকাৰে প্ৰতি তিনি বছৰৰ মূৰে মূৰে এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।

SPONSORED